ইৰাণৰ দুফুটীয়া যুৱকৰ বিশ্ব অভিলেখ

0 24

ডুবাই, ১৮ ডিচেম্বৰঃ ২০১০ চনত ২৪ বছৰীয়া এডৱাৰ্ডৰ উচ্চতা আছিল ২ ফুট ৩.৫ ইঞ্চি। সেই বছৰ গিনিজ কৰ্তৃপক্ষই তেওঁক বিশ্বৰ আটাইতকৈ চাপৰ ব্যক্তি বুলি ঘোষণা কৰিছিল। শেহতীয়াকৈ ইৰাণৰ যুৱক আফছিন ইছমাইল গাদাৰজাদাই নতুন অভিলেখ গঢ়ি আন এক উচ্চতাত উপনীত হৈছে। গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ তথ্য অনুসৰি তেওঁ এতিয়া বিশ্বৰ আটাইতকৈ বাওনা ব্যক্তি। আফছিনে পূৰ্বৰ অভিলেখধাৰী কলম্বিয়াৰ এডৱাৰ্ড নিনো হাৰ্নাণ্ডেজক মুঠ ৭ ছেণ্টিমিটাৰত পৰাস্ত কৰি বিশ্ব অভিলেখ গঢ়ি তুলিছে। ইৰাণৰ পশ্চিম আজাৰবাইজান প্ৰদেশৰ বুকান অঞ্চলৰ বাসিন্দা আফছিনে শেহতীয়াকৈ সেই অভিলেখ ভংগ কৰিছে। আফছিনে দেশ এৰি পোনে পোনে ডুবাইৰ গিনিজৰ অফিচলৈ গৈ ৰেকৰ্ড বুকত নিজৰ নাম লিখিবলৈ সক্ষম হ’ল। প্ৰথমবাৰৰ বাবে দেশৰ বাহিৰত ভৰি দিয়াৰ সময়ত আফছিনৰ মাক-দেউতাকো তেওঁৰ লগত আছিল। আফছিনৰ উচ্চতা ২৪ ঘণ্টাত ৩ বাৰ জুখি অভিলেখটো পৰীক্ষা কৰা হয়। ইয়াৰ পৰা দেখা যায় যে আফছিনৰ উচ্চতা ৬৫.২৪ চে.মি.(২ ফুট ১.৬ ইঞ্চি), ওজন ৬.৫ কিলোগ্ৰাম। ইয়াৰ পিছতে বৃহস্পতিবাৰে গিনিজ কৰ্তৃপক্ষই তেওঁলোকৰ ইউটিউব চেনেলত এই অভিলেখ ঘোষণা কৰে।

মন্তব্য দিয়ক

Your email address will not be published.