শিশু পুত্ৰক বুকুত বান্ধি ই ৰিক্সা চলাই দুই সন্তানসহ সংসাৰ চলাইছে চাৰিদুৱাৰৰ কাবেৰী বৰাই

বঞ্চিত চৰকাৰী আঁচনিৰ পৰা

0 28

শতাব্দ প্ৰতিনিধি তেজপুৰ ,২৯এপ্ৰিলঃ শোণিতপুৰৰ এগৰাকী দুটি সন্তানৰ মাতৃয়ে স্বামীৰ বিয়োগৰ পাছত ই ৰিক্সা চলাই নিজা পৰিয়ালটোৰ দায়িত্ব পালন কৰা ঘটনাই এক দৃষ্টান্ত দাঙি ধৰিছে । কৰ্ম বিমুখিতাই একাংশ লোকক গ্ৰাস কৰা ৰাজ্যখনৰ অসম-অৰুণাচল সীমান্তৱৰ্তী এক অঞ্চল শোণিতপুৰৰ ভকত গাঁও । বালিপৰাৰ নিকটৱৰ্তী চাৰিদুৱাৰৰ এই গাঁওখনৰ এগৰাকী সহজ সৰল বোৱাৰী কাবেৰী বৰাৰ স্বামীৰ প্ৰায় ডেৰমাহ পূৰ্বে আকস্মিকভাবে বিয়োগ ঘটে । ১৩বছৰীয়া কন্যা আৰু চাৰিবছৰীয়া পুত্ৰ সন্তানৰ স’তে তীব্ৰ আৰ্থিক অনাটনত ভোগা এইগৰাকী মাতৃয়ে সেয়ে ঘৰুৱা তথা সন্তানৰ সকলো দায়িত্ব পালনৰ উপৰি জীৱিকা নিৰ্বাহৰ বাবে ই ৰিক্সা চলাবলৈ আৰম্ভ কৰে । উল্লেখযোগ্য যে,পুৱা যাৱতীয় ঘৰুৱা কামকাজ কৰাৰ লগতে দুই সন্তানক আহাৰ খুৱাই চাৰিবছৰীয়া পুত্ৰক লগতে লৈ ই ৰিক্সাখন লৈ বালিপৰা তথা চাৰিদুৱাৰলৈ ওলাই আহে কাবেৰী । শিশু পুত্ৰই মাকৰ লগ এৰিব নিবিচৰা বাবেই এনেদৰে নিজৰ লগতে লৈ অহা মহিলাগৰাকীয়ে বিয়লি প্ৰায় চাৰি বজালৈকে ই ৰিক্সাৰে স্থানীয় অঞ্চলত ইঠাইৰ পৰা সিঠাইলৈ যাত্ৰী কঢ়িয়ায় । উল্লেখযোগ্য যে,তেওঁৰ কিশোৰী কন্যাই স্থানীয় বিদ্যালয়ত অধ্যয়ন কৰি আছে । বিয়লি পৰ্যন্ত তিনি-চাৰিশ টকা অৰ্জন হোৱা মহিলাগৰাকীয়ে কয় যে, এনেদৰে তেওঁ কৰ্ম নকৰিলে পৰিয়ালটো লঘোণে থাকিব লাগিব । উল্লেখযোগ্য যে, চৰকাৰী কোনো আঁচনিয়ে ঢুকি নোপোৱা কাবেৰী বৰাই স্বামীৰ আকস্মিক বিয়োগত স্থানীয় পঞ্চায়তত বিধবা মহিলাৰ বাবে থকা সাহায্য আঁচনিৰ বাবেও আবেদন জনাইছে যদিও এইপৰ্যন্ত তেওঁ সেয়া লাভ কৰা নাই । তদুপৰি,নিজেই খৰি সংগ্ৰহ কৰি নতুবা খৰি ফালি ৰন্ধন কাৰ্য কৰিবলগীয়া মহিলাগৰাকীয়ে লাভ কৰা নাই ৰন্ধনজ্যোতি আঁচনিৰো সুবিধা । এনে অৱস্থাত চৰকাৰী আঁচনি সমূহে তেওঁৰ দৰে পৰিয়ালক কিয় ঢুকি নাপায় বুলি প্ৰশ্ন কৰা মহিলাগৰাকীয়ে আৰম্ভ কৰা এই জীৱন যাত্ৰাৰ সংগ্ৰামে সচেতন ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে কৰ্মবিমুখ বহুজনৰ বিপৰীতে এক ব্যতিক্ৰমী উদাহৰণ হিচাপেও চৰ্চিত হৈছে ।

মন্তব্য দিয়ক

Your email address will not be published.