উচ্চ কলেষ্টৰেলে চিন্তাত পেলাইছে?
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৫ জুনঃ কলেষ্টৰেলৰ সমস্যা এতিয়া ঘৰে ঘৰে। অনেকৰ ধাৰণা যে চর্বিজাতীয় খাদ্য বেছিকৈ খালেই কলেষ্টৰেলৰ মাত্রা বাঢ়ি যায়। সকলো ক্ষেত্রতে এই ধাৰণা সঠিক নহয়। আচলতে কলেষ্টৰেলৰ মাত্রা বাঢ়িবনে নাই, সেয়া নির্ভৰ কৰে প্রত্যেকৰে শৰীৰৰ বিপাক হাৰৰ ওপৰত। কাৰোবাৰ যদি ডায়েবেটিচ থাকে, তেতিয়া হ’লেও কলেষ্টৰেলৰ মাত্রা বাঢ়ি যোৱাৰ আশঙ্কা থাকে। কলেষ্টৰেলৰ মাত্রা বাঢ়িলে সেইবোৰ ৰক্তবাহকৰ মাজত জমা হয়। ৰক্তবাহকবোৰক সৰু আৰু শকত কৰি পেলায়। সেয়ে ৰক্ত চলাচলত ব্যাঘাত ঘটে। ফলত ৰক্তচাপ বাঢ়ে আৰু তাৰ লগে লগে হৃদৰোগত আক্রান্ত হোৱাৰ আশংকাও কেইবা গুণ বাঢ়ি যায়। শৰীৰত কলেষ্টৰেলৰ মাত্ৰা বাঢ়িলে জীৱনধাৰালৈ কিছু পৰিৱৰ্তন আনিবই লাগিব। জানি লওক সেইবোৰ পৰিৱৰ্তন কি কি।
* ভিটামিন ই আৰু সঠিক খাদ্যাভ্যাস
এই ভিটামিনত টোকোট্রাইনল নামৰ উপাদান থাকে, যি কলেষ্টৰেলৰ মাত্রা কমাব পাৰে। দৈনিক খাদ্যতালিকাত কাঠবাদাম, কোমোৰা, কেপচিকাম, পালেংশাক ৰাখক। চিকিৎসকসকলৰ মতে, ৰঙা আৰু প্রক্রিয়াজাত মাংস কলেষ্টৰেলৰ মাত্রা বৃদ্ধি কৰাৰ বাবে দায়ী। বেছি তেল-মছলা আৰু ঘি সমৃদ্ধ খাদ্যয়ো বঢ়াই দিব পাৰে কলেষ্টৰেলৰ মাত্রা। আনহাতে কলেষ্টৰেল হ্ৰাস কৰিব পাৰে ওটচ, কাঠবাদামে। খাব পাৰে মাছো। অৱশ্যে সকলো কলেষ্টৰেলসমৃদ্ধ খাদ্যই বেয়া নহয়। যেনে— কণীত কলেষ্টৰেল বেছি থাকিলেও লগত থাকে প্রচুৰ পৰিমাণে প্রটিন আৰু অন্যান্য প্রয়োজনীয় উপাদান।
* দ্রৱণীয় ফাইবাৰ
ওটচ কিম্বা ঢেঁকীত খুন্দা চাউলৰ দৰে দানা শস্য কামত আহিব পাৰে বেয়া কলেষ্টৰেল কমোৱাত। ফাইবাৰসমৃদ্ধ খাদ্য দীর্ঘ সময় পেটত থাকে, ফলত ভজা-পোৰা প্রক্রিয়াজাত খাদ্য খোৱাৰ প্রৱণতাও কমে। অতিৰিক্ত ওজনেও কলেষ্টৰেলৰ মাত্রা বৃদ্ধিৰ অন্যতম কাৰণ। ‘বডি মাচ ইনডেক্স’ যদি ৩০ বা তাৰ বেছি হৈ যায়, তেতিয়া শৰীৰত বেয়া কলেষ্টৰেলৰ মাত্রা বাঢ়ি যোৱাৰ সম্ভাৱনা বাঢ়ি যায়।
* ধূমপান আৰু মদ্যপান ত্যাগ
ধূমপানে কেৱল হাওঁফাওঁৰে ক্ষতি নকৰে, বঢ়াই দিয়ে ক্ষতিকৰ কলেষ্টৰেলৰ মাত্রাও। নিয়মিত মদ্যপান কৰিলে ট্রাইগ্লিচাৰাইডৰ মাত্রা বাঢ়ি যায়। বিশেষকৈ অগ্নাশয় আৰু লিভাৰৰ সমস্যাত আক্রান্ত ব্যক্তিসকলৰ বাবে এইটো খুবেই স্পৰ্শকাতৰ বিষয়। মহিলাসকলৰ ক্ষেত্রত উচ্চ ট্রাইগ্লিচাৰইডে বহুখিনি বঢ়াই দিয়ে ষ্ট্ৰোকৰ আশঙ্কা।
* নিয়মিত ব্যায়ামৰ অভ্যাস
নিয়মিত শৰীৰ চর্চাই কমাব পাৰে কলেষ্টৰেলৰ মাত্রা। তদুপৰি শৰীৰচর্চা কৰিলে নিয়ন্ত্রণত থাকে স্থূলতাও। শৰীৰচর্চা বোলোতে কিন্তু কেৱল জিমলৈ গৈ গধুৰ শৰীৰচর্চা কৰিব লাগিব এনে নহয়। যোগাভ্যাস, নিয়মিত দৌৰ, চাইকেল চালনা আৰু সাঁতোৰৰ দৰে অভ্যাসেও কলেষ্টৰেল নিয়ন্ত্রণত ৰাখিব পাৰে।