উত্তৰ পূব চলচ্চিত্ৰ আৰু ভিডিঅ’ কলা কুশলী সংন্থাৰ এদিনীয়া চুটি ছবি মহোৎসৱ

0 32

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৮ জুলাই: উত্তৰ পূব চলচ্চিত্ৰ আৰু ভিডিঅ’ কলা কুশলী সংন্থা চমুকৈ ‘নেফটা’ৰ উদ্যোগত ৪ ডিচেম্বৰত এদিনীয়াকৈ প্ৰথম নেফটা চুটি ছবি মহোৎসৱৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ জ্যোতি চিত্ৰবনত পুৱা ৯ বজাৰ পৰাই নিৰ্বাচিত চুটি ছবিসমূহ প্ৰদৰ্শন কৰা হ’ব। ছবি মহোৎসৱৰ লগত সংগতি এখন স্মৰণিকা প্ৰকাশ কৰা হ’ব। শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজন কৰা এখন সংবাদমেল এই কথা সদৰি কৰে মহোৎসৱৰ সঞ্চালক শিবানন বৰুৱাই। তেওঁ কয় যে এই চুটি ছবি প্ৰতিযোগিতা দুটা শিতানত অনুষ্ঠিত হ’ব। ‘ক’ শিতানত অধিকতম দহ মিনিট আৰু ‘খ’ শিতানৰ বাবে অধিকতম ত্ৰিশ মিনিটৰ হ’ব লাগিব।দুয়োটা শিতানতে প্ৰমাণ পত্ৰ, স্মাৰক আৰু আকৰ্ষণীয় ধনৰাশি ৰখা হৈছে। ‘ক’ শিতানত শ্ৰেষ্ঠ ছবিক ৩০ হাজাৰ টকা, দ্বিতীয় শ্ৰেষ্ঠ ছবিক ১৫ হাজাৰ টকা আৰু বিচাৰকৰ বিশেষ উল্লেখিত শিতানত ১০ হাজাৰ টকা প্ৰদান কৰা হ’ব। ‘খ’ শাখাত শিতানত শ্ৰেষ্ঠ ছবিক ৫০ হাজাৰ টকা, দ্বিতীয় শ্ৰেষ্ঠ ছবিক ২৫ হাজাৰ টকা আৰু বিচাৰকৰ বিশেষ শিতানত ১৫ হাজাৰ টকা ধাৰ্য কৰা হৈছে। প্ৰতিযোগিতালৈ পঠোৱা ছবিসমূহৰ পৰা নিৰ্বাচিত সৰ্বমুঠ ৪০ খন উৎকৃষ্ট মানৰ ছবিহে মহোৎসৱত প্ৰদৰ্শিত হ’ব। প্ৰতিযোগিতালৈ পঠোৱা ছবিসমূহ এক জানুৱাৰী ২০২০ ৰ পৰা ২০২২ চনৰ ৩০ অক্টোবৰৰ ভিতৰত নিৰ্মিত হব লাগিব। ছবিসমূহ যিকোনো ডিজিটেল ফৰমেটত নিৰ্মাণ হলেও হ’ব যদিও ছবিত ইংৰাজী চাব টাইটেল থকাটো বাধ্যতামূলক। ছবিসমূহ জমা দিয়াৰ অন্তিম তাৰিখ ১০ নৱেম্বৰ। প্ৰতিযোগিতাত যোগদানৰ মাচুল ৫০০ টকা। www.nefvta.in নামৰ ৱেবচাইটোৰ জৰিয়তে চলচ্চিত্ৰ নিৰ্মাতা সকলক চুটি ছবি প্ৰতিযোগিতাত ভাগ লবলৈ আহ্বান জনাই উদ্যোগতাসকলে। সংবাদমেলত জনপ্ৰিয় অভিনেত্ৰী তথা মহোৎসৱৰ ব্ৰেণ্ড এম্বেচাদৰ আইমী বৰুৱা ,নেফটাৰ সভাপতি ৰাজেন ৰাজখোৱা, যুটীয়া সম্পাদক অনুপম হাজৰিকা উপস্থিত আছিল।

মন্তব্য দিয়ক

Your email address will not be published.