উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত প্ৰতিৱেশী যুৱ সংসদ কাৰ্যসূচী

0 0

উত্তৰ লখিমপুৰ,১৮ফেব্ৰুৱাৰীঃ আজি উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, লখিমপুৰ বালিকা মহাবিদ্যালয় এন.এছ.এছ. গোট আৰু লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সহযোগত উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত জি-২০ কাৰ্যসূচীৰ লগত সংগতি ৰাখি জিলা পৰ্যায়ৰ প্ৰতিৱেশী যুৱ সংসদ অনুষ্ঠান অনুষ্ঠিত কৰা হয়।উক্ত অনুষ্ঠানৰ আঁত ধৰে উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ ৰাষ্ট্ৰীয় স্বেচ্ছাসেৱক বিতু গগৈয়ে।কাৰ্যসূচী বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰে লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক মানৱ ডেকাই।সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ জিলা যুৱ বিষয়া সুজাতা ভৌমিকে।সভাত নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ প্ৰদান কৰে লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক মানৱ ডেকাই।ইয়াৰ উপৰিও আজিৰ উক্ত কাৰ্যসূচীত উপস্থিত থাকি লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° লোহিত হাজৰিকাই জি-২০ৰ সম্পৰ্কে, লখিমপুৰ জিলা কৃষি বিষয়া দ্বীপজ্যোতি চুতীয়াই ভাৰতবৰ্ষক কৃষি ক্ষেত্ৰত আগবঢ়াই নিয়াৰ সম্পৰ্কে,উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা দিপালী হাজৰিকা, উপাধ্যক্ষ নৱজ্যোতি দত্ত ,লখিমপুৰ জিলাৰ বিশিষ্ট সমাজসেৱক ফনিধৰ বৰুৱা,লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ ,সহকাৰী অধ্যাপক ক্ৰমে ড° মৃদুল বুঢ়াগোহাঁই, ড মামুদা বেগম, ড° কৰিস্মা হাজৰিকাই উপস্থিত থাকি যুৱক-যুৱতীসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে।ইয়াৰ উপৰিও আজিৰ উক্ত প্ৰতিৱেশী যুৱ সংসদ কাৰ্যসূচীত জিলাখনৰ অৰ্ধশতাধিক যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰি বক্তৃতা প্ৰদান কৰে। শেষত উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ হৈ ৰূপমজ্যোতি চেতিয়াই সকলোলৈকে শলাগৰ শৰাই আগবঢ়ায়।

মন্তব্য দিয়ক

Your email address will not be published.