উত্তৰ লখিমপুৰ মহাবিদ্যালয়ত বিশ্ব কৰ্কট দিৱস উদযাপন

0 187

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৪ ফেব্ৰুৱাৰী: লখিমপুৰ কেন্সাৰ চেণ্টাৰৰ উদ্যোগত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান,  লখিমপুৰ, ৰাষ্ট্ৰীয় সেৱা আঁচনি আৰু নেচনেল কেডেট কৰ্পছ, উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ (স্বায়ত্তশাসিত) সহযোগত উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিশ্ব কৰ্কট দিৱস উদযাপন কৰা হয় লগতে  জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত লখিমপুৰ কেঞ্চাৰ কেয়াৰৰ সহযোগত স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হয় । অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকি জিলা যক্ষ্মা ও এইডছ বিষয়া ডাক্তৰ জগদীশ গোস্বামীয়ে কৰ্কট ৰোগৰ কাৰণ আৰু ইয়াৰ পৰা কেনেদৰে ৰক্ষা পাব পাৰি সেই সম্পৰ্কে নিজৰ বক্তৃতাত উল্লেখ কৰে। ডাক্তৰ গোস্বামীয়ে কয় – “যিকোনো বয়সৰ যুৱক-যুৱতী, পুৰুষ-মহিলা, শিশু, কিশোৰ-কিশোৰীৰ দেহত কৰ্কট ৰোগ হ’ব পাৰে । ধঁপাত, পান মছলা, উদ্যোগৰ পৰা হোৱা প্ৰদূষণ, যান বাহনৰ পৰা হোৱা প্ৰদূষণ আদিৰ পৰা এই ৰোগীৰ সংখ্যা বৃদ্ধি হৈছে৷  সাধাৰণ কিছু নিয়ম যেনে ৭-৮ ঘণ্টা টোপনি, পুষ্টিকৰ অহাৰ, নিয়মীয়া শাৰীৰিক পৰিশ্ৰম বা ব্যায়াম, সুৰা, ধঁপাত আদি পৰিহাৰ কৰি ইয়াৰ পৰা দূৰৈত থাকিব পাৰি । কৰ্কট ৰোগৰ পৰা সুস্থ হোৱা লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ হিন্দী বিভাগৰ সহযোগী অধ্যাপিকা মিৰা দাসে মহাবিদ্যালয় শিক্ষাৰ্থী সকলৰ আগত কেঞ্চাৰৰ বিৰুদ্ধে তেওঁৰ যুদ্ধৰ সম্পৰ্কে অৱগত কৰে। অনুষ্ঠানত বক্তৃতা দিয়ে উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ৰঞ্জন বৰা, এনএছএছৰ সমন্বয়ক বিপুল শইকীয়াই । অনুষ্ঠানত উপস্থিত থাকে অধ্যক্ষ ড° বিমান চন্দ্ৰ চেতিয়া, উপাধ্যক্ষ বাণীকান্ত কোঁৱৰ,  ডাক্তৰ যতীন মেদক, ডাক্তৰ তৰুণ কুমাৰ দেউৰী, ডাক্তৰ ধীৰেন শইকীয়া, মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা লগতে শিক্ষাৰ্থীসকল। অনুষ্ঠানৰ শেষত উত্তৰ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ ছাত্ৰ-ছাত্ৰী সকলে কৰ্কট ৰোগ সম্পৰ্কে এক সজাগতামূলক সমদল উলিয়ায়।তদুপৰি লখিমপুৰ জিলাৰ অসংক্ৰামক ৰোগ প্ৰতিৰোধ কোষৰ উদ্যোগত জিলাখনৰ ২৫ স্বাস্থ্য ও কল্যাণ কেন্দ্ৰত বিশ্ব কৰ্কট দিৱস উদযাপন কৰা হয় লগতে কৰ্কট ৰোগৰ পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয় । বিশ্ব কৰ্কট দিৱস উদযাপন হোৱা স্বাস্থ্য ও কল্যাণ কেন্দ্ৰসমূহ হল ক্ৰমে ঢেকীয়াজুলি, ধুনাগুৰি, যুৱনগৰ, কাছজুলি, ঘূনাসুঁতি, জুনুবস্তি, কদম, ধেনুখনা, গন্ধিয়া, ঘটাপাৰা, জালভাৰী, ধেমাগড় ১ আৰু ২নং, দ্ৰোপাং, গোসাঁইবাৰী, জামুগুৰি, জৰাবাৰী, গা-দঙ্গাচুক, দাম্বুকীয়াল, ধেমাগড়, ডিজো বাজাৰ, ডিজো চাপৰি, দলহাট আৰু যুগলপাৰ স্বাস্থ্য ও কল্যাণ কেন্দ্ৰত ।

মন্তব্য দিয়ক

Your email address will not be published.