শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৫ জুন : খেতিৰ কাম চলিছিল। জেচিবিৰে ওখ-চাপৰ ঢিপবোৰ সমতল কৰিছিল কৃষক বাহাদুৰ সিং ফৌজিয়ে। হঠাৎ কোনো ধাতব বস্তুৰ লগত খুন্দা লাগে তেওঁৰ। উদ্ধাৰ হয় হাজাৰ হাজাৰ বছৰৰ পুৰণি তামৰ অস্ত্র। উত্তৰপ্রদেশৰ ময়নপুৰী এলেকাৰ এখন ঠাইৰ মাটিৰ তলৰ পৰা পুৰণি তামৰ অস্ত্র উদ্ধাৰ কৰা হ’ল। কোৱা হৈছে, এই সকলো অস্ত্র প্রায় চাৰি হাজাৰ বছৰ পুৰণি। ঘটনাটো জিলা তহচিল কুড়াওৱালি এলেকাৰ গণেশপুৰৰ। স্থানীয় সূত্রে খবৰ পোৱা মতে, কৃষক বাহাদুৰ সিং ফৌজিয়ে যেতিয়া খননকালত এই অস্ত্রবোৰ বিচাৰি পায়, তেতিয়া তেওঁ সেইবোৰ সোণ আৰু ৰূপেৰে তৈয়াৰী মূল্যবান বস্তু বুলি অনুমান কৰি ঘৰলৈ লৈ যায়। ইয়াৰ পিছত স্থানীয় লোকে বিষয়টো জানিব পাৰি আৰক্ষীক খবৰ দিয়ে। ইয়াৰ পিছতেই পুলিছে বিষয়টো আর্কিঅলজিকেল চার্ভে অব ইন্ডিয়াকে জনায়। বিশেষজ্ঞসকলে কৈছে যে, উদ্ধাৰ হোৱা তামৰ অস্ত্র ৪ হাজাৰ বছৰৰ পুৰণি। উদ্ধাৰকৃত অস্ত্রৰ সংখ্যা প্রায় ৩৯টা। উদ্ধাৰ কৰা তামৰ অস্ত্রৰ ভিতৰত আছে তৰোৱাল, বর্শা, কাঁথা, ত্রিশূল আৰু অন্যান্য অস্ত্র। অস্ত্ৰবোৰ প্রত্নতাত্ত্বিক বিভাগলৈ হস্তান্তৰ কৰা হৈছে। আগ্রা চার্কোলৰ তত্ত্বাৱধায়ক প্রত্নতত্ত্ববিদ ড° ৰাজকুমাৰ পাটেলে মিডিয়াক কয় যে, এই সমস্ত তামৰ অস্ত্র খ্রীষ্টপূর্ব ১৮০০ৰ বুলি অনুমান হয়। তেওঁ কয় যে, উত্তৰ প্রদেশৰ ইটা, ময়নপুৰী, আগ্রা আৰু গঙ্গা বেল্ট এই ধৰণৰ সংস্কৃতিৰ এলেকা। এই অস্ত্রবোৰ অৱশ্যেই যুদ্ধ বা চিকাৰৰ বাবে ব্যৱহাৰ কৰা হৈছে। আলীগড় মুছলিম ইউনিভার্চিটিৰ (এএমইউ) ইতিহাসবিদ আৰু প্রত্নতাত্ত্বিক অধ্যাপক মানবেন্দ্র পুন্ডীৰে কয় যে, এই অস্ত্রবোৰ হয় যোদ্ধাৰ বৃহৎ দলৰ অন্তর্গত যিসকলে যুদ্ধ কৰিছিল, অথবা এই অস্ত্রবোৰ চিকাৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল। উল্লেখ্য যে, তাম্র যুগত যুদ্ধ সাধাৰণ কথা আছিল। অৱশ্যে আৰু গৱেষণাৰ প্ৰয়োজন আছে।