উদ্বোধনৰ এসপ্তাহ নৌহওঁতেই ভাগি পৰিল বুণ্ডেলখণ্ড এক্সপ্ৰেছৱেৰ একাংশ

0 23
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ জুলাই : ধুমধামেৰে উদ্বোধন কৰা হৈছিল বুণ্ডেলখণ্ড এক্সপ্ৰেছৱে। উদ্বোধন কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। যোৱা ১৬ জুলাইত উদ্বোধন কৰা বুণ্ডেলখণ্ড এক্সপ্ৰেছৱেৰ এটা অংশ ২১ জুলাই বৃহস্পতিবাৰে ভাঙি পৰে। ব্যয়বহুলভাৱে নিৰ্মাণ কৰা এক্সপ্ৰেছৱে’ উদ্বোধনৰ পাঁচ দিনৰ ভিতৰতে কেনেদৰে ভাঙি পৰিল সেই সন্দৰ্ভতো প্ৰশ্ন উত্থাপন হৈছে। এই পথ-দলং নিৰ্মাণৰ বাবে মুঠ ব্যয় হৈছে আঠ হাজাৰ কোটি টকা। স্থানীয় সূত্ৰৰ মতে, চেলেমপুৰৰ সমীপৰ চিৰিয়াত বুণ্ডেলখণ্ড এক্সপ্ৰেছৱে’ত এটা বিশাল গাঁত সৃষ্টি হৈছে। ২০ জুলাইৰ নিশা তাত দুখন গাড়ী আৰু এখন মটৰচাইকেল দুৰ্ঘটনাত পতিত হয়। ঔৰাইয়াৰ অজিতমলৰ ওচৰতো গাঁত সৃষ্টি হৈছে। উত্তৰ প্ৰদেশৰ চিত্ৰকূটৰ ভাৰতকূপৰ পৰা ইটাৱাৰলৈ যাবলৈ ২৯৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিলেনযুক্ত এই এক্সপ্ৰেছৱেটো নিৰ্মাণ কৰা হৈছে। উত্তৰ প্ৰদেশৰ ৭খন জিলা আৰু মধ্যপ্ৰদেশৰ ৬খন জিলা বুণ্ডেলখণ্ডৰ অন্তৰ্গত। অঞ্চলটোৰ বস্ত্ৰশিল্প, খাদ্য প্ৰক্ৰিয়াকৰণ, কেনিং আৰু দুগ্ধ উদ্যোগসমূহ সম্প্ৰসাৰণৰ বাবে নিৰ্মাণ কৰা হৈছিল বুণ্ডেলখণ্ড এক্সপ্ৰেছৱে। ভূমি ক্ৰয়কে ধৰি এই প্ৰকল্পত ব্যয় হৈছে ৮ হাজাৰ কোটি টকা।
মন্তব্য দিয়ক

Your email address will not be published.