উভতিল বিলুপ্ত বুলি ভবা উদ্ভিদ প্ৰজাতি

আশ্চৰ্যকৰ প্ৰকৃতি!

0 58

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ এপ্ৰিল : উভতি আহিব পাৰেনে বিলুপ্ত হৈ যোৱা বা বিলুপ্ত বুলি ভবা উদ্ভিদ প্ৰজাতি? হয়, এটা জটিল প্ৰশ্ন। এই জটিল প্ৰশ্নটোৰ উত্তৰ কিন্তু একেবাৰে সহজ। হয়, পাৰে। প্ৰকৃতিৰ ইচ্ছাত উভতি আহিব পাৰে নিঃশ্চিহ্ন হৈ যোৱা প্ৰজাতি ! সেয়ে আশ্চৰ্যকৰ প্ৰকৃতি। প্ৰমাণ হিচাপে ক’ব বিচৰা হৈছে এটা পুষ্প প্ৰজাতিৰ কথা। যিটো প্ৰজাতি বিলুপ্ত হৈ যোৱা বুলি কোৱাৰ ৪০ বছৰ পিছত পুনৰ উভতিছে প্ৰকৃতিৰ বুকুলৈ। যেন অস্থিৰ পৰা লভিছে পুনৰ্জন্ম। Gasteranthus extinctus নামৰ ফুল ফুলা উদ্ভিদবিধ ইকুৱেডৰত শেহতীয়াকৈ এদল বিজ্ঞানীয়ে গৱেষণা কালত পুনৰ দেখা পোৱা বুলি জানিব পৰা গৈছে। সুমথিৰা বৰণীয়া পাহিৰ ফুলেৰে সুশোভিত এই বিলুপ্ত বুলি কোৱা উদ্ভিদবিধ গৱেষণাকাৰী দলটোৱে ইকুৱেডৰৰ চেণ্টিনেলা ৰিডজ্ত (Centinela Ridge)ত দেখা পোৱা বুলি এক গৱেষণা পত্ৰত সদৰী কৰিছে। বিলুপ্ত বুলি কৈ অহা ফুলবিধৰ পুনৰাৱিষ্কাৰে ক্ষুদ্ৰ ক্ষুদ্ৰ এলেকাও যে জৈৱ বৈচিত্ৰ্যৰ ভঁৰালসদৃশ, তাকেই প্ৰমাণ কৰিছে বুলি মতপোষণ কৰে গৱেষণাকাৰী দলটোৰ সহযোগী তথা Chicago’s Field Museumৰ ড’চন হোৱাইটে (Dawson White)। পুনৰাৱিষ্কৃত উদ্ভিদবিধ বিলুপ্ত হৈ যোৱা বুলি কোৱা উদ্ভিদবিধেই হয়নে নহয়, সেয়া নিশ্চিত কৰিবৰ বাবে গৱেষক দলটো উদ্ভিদবিদৰ কাষ চাপিছিল। তেওঁৱেই ফুলবিধ Gasteranthus extinctus হয় বুলি নিশ্চিত কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.