এইমছত অঘটন : স‍াত মহলাৰ পৰা পৰি চিকিৎসক নিহত

চেলফিয়েই কাল হ’ল

0 27

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৮ জুনঃ চেলফিয়েই কাল হ’ল চিকিৎসকৰ। সপ্তম মহলাৰ পৰা পৰি মৃত্যু হয় চিকিৎসকৰ। এই অঘটন সংঘটিত হ’ল চাংসাৰীস্থ এইমছত। নিৰ্মিয়মান চিকিৎসালয়খনৰ সাত মহলীয়া অট্টালিকা পৰা পৰিল চিকিৎসক। চিকিৎসক গৰাকীৰ নাম ফল্গু প্ৰতীম দাস। জানিব পৰা মতে বুধবাৰে পুৱা প্ৰায় ১১.২০ মান বজাত চিকিৎসক গৰাকীয়ে চেলফী লব’লৈ গৈ সপ্তম মহলাৰ পৰা বাগৰি পৰে।চিকিৎসক গৰাকীক গুৰুতৰ অৱস্থাত জি এন ‍আৰ চি হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে এইমছৰ চিকিৎসকগৰাকীয়ে। মৃত চিকিৎসক গৰাকীৰ লগত মাতৃ উপস্থিত আছিল বুলি জানিব পৰা গৈছে। চিকিৎসকজনৰ বয়স মাত্ৰ ‌৩৫ বছৰ। ঘটনা সন্দৰ্ভত চাংসাৰী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.