শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২১ মে’ : বিশ্বজুৰি প্ৰতি পাঁচটা সৰীসৃপ প্ৰজাতিৰ ভিতৰত এটাতকৈ অধিক সৰীসৃপ বিলুপ্তিৰ আশংকাত ভুগিছে। অধ্যয়ন কৰা ১০,১৯৬টা সৰীসৃপ প্ৰজাতিৰ ভিতৰত ২১% বিপন্ন, গুৰুতৰভাৱে বিপন্ন বা বিলুপ্তিৰ দুৰ্বল হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে। বিখ্যাত Nature পত্রিকাত শেহতীয়াকৈ প্ৰকাশিত এক গৱেষণা পত্ৰত এই কথা পোহৰলৈ আহিছে। ডিউক বিশ্ববিদ্যালয়ৰ পৰিৱেশবিদ ষ্টুৱাৰ্ট পিমে এই বিষয়ে কয় যে, “এই অধ্যয়ন এক অতি উল্লেখযোগ্য সাফল্য — ই আমাৰ জ্ঞান বৃদ্ধি কৰিছে আৰু বিপন্ন প্ৰজাতিবোৰ ক’ত আছে, আৰু আমি সেইবোৰক সুৰক্ষিত কৰিবলৈ ক’ত কাম কৰিব লাগিব তাৰ কিছু আভাস পাইছোঁ।” প্ৰায় ১০০০ বিশেষজ্ঞ আৰু ৫২ জন সহ-লেখকৰ সহায়ত কৰা এই সৰীসৃপৰ অধ্যয়ন ২০০৫ চনত আৰম্ভ কৰা হৈছিল। সৰীসৃপৰ বাবে আটাইতকৈ ডাঙৰ ভাবুকি হৈছে বাসস্থান ধ্বংস। উল্লেখ্য যে, সংৰক্ষণৰ বাবে লোমশ, পাখিযুক্ত প্ৰজাতিৰ মেৰুদণ্ডী প্ৰাণীৰ ওপৰত বহুত বেছি গুৰুত্ব দিয়া হৈছে। আনহাতে সৰীসৃপ পৰিৱেশ তন্ত্ৰৰ বাবে আকৰ্ষণীয় আৰু গুৰুত্বপূৰ্ণ যদিও এইবোৰক লৈ সিমান বেছি সংৰক্ষণমূলক কাম কৰা হোৱা নাই। টেম্পল বিশ্ববিদ্যালয়ৰ জীৱবিজ্ঞানী তথা নেচাৰ পত্ৰিকাত প্ৰকাশিত গৱেষণা পত্ৰখনৰ সহ-লেখক ব্লেয়াৰ হেজছৰ মতে, সাগৰীয় জীৱৰ লগত খাপ খোৱা বিশ্বৰ একমাত্ৰ টিকটিকি গালাপাগোছ মেৰিন ইগুৱানাক বিলুপ্তিৰ বাবে ‘দুৰ্বল’ হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে। তেওঁ কয় যে, এই একক প্ৰজাতিটো বিলুপ্ত হ’লে বিৱৰ্তনৰ ইতিহাস কিমান হেৰাই যাব পাৰে সেয়া সহজেই বোধগম্য। উল্লেখ্য যে, সাগৰত খাদ্যৰ সৈতে নিজকে খাপ খুৱাবলৈ টিকটিকিটোক ৫০ লাখ বছৰ সময় লাগিছিল। বিশ্বৰ ছটা প্ৰজাতিৰ সাগৰীয় কাছৰ প্ৰতিও ভাবুকি আহি পৰিছে। সপ্তমটো প্ৰজাতিটোও বিপদত পৰাৰ সম্ভাৱনা আছে। বাসস্থান ধ্বংসই গ্ৰহটোৰ সৰীসৃপৰ অস্তিত্বৰ বাবে আটাইতকৈ ডাঙৰ ভাবুকি হৈ পৰিছে। আনহাতে সহ-লেখক তথা আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংঘৰ জৈৱ বৈচিত্ৰ্য মূল্যায়ন ইউনিটৰ এজন পৰিচালক নীল কক্সে কয় যে, চিকাৰ, আক্ৰমণাত্মক প্ৰজাতি, জলবায়ু পৰিৱৰ্তন আদি সকলোৱে বিপদত পেলাইছে সৰীসৃপক। অধ্যয়নটোত আৱিষ্কাৰ কৰা হৈছে যে, মৰুভূমিত বাস কৰা সৰীসৃপতকৈ ৰাজফেঁটীৰ দৰে বনাঞ্চলত বাস কৰা সৰীসৃপবোৰ বিলুপ্তিৰ সন্মুখীন হোৱাৰ সম্ভাৱনা বেছি। কাৰণ বনাঞ্চলসমূহত ধ্বংসৰ পৰিমাণ সৰ্বোচ্চ।