লিডঅৰ্থনীতিট্ৰেণ্ডিং এছ বি আইৰ বাহিৰে ব্যক্তিগত খণ্ডলৈ যাব বহুকেইটা ৰাজহুৱা খণ্ডৰ বেংক By শতাব্দ On Jul 14, 2022 0 26 শ্বেয়াৰ কৰক শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৪ জুলাই : ব্যক্তিগত বেংকসমূহ চৰকাৰী বেংক (পিএছবি)ৰ এক বিশ্বাসযোগ্য বিকল্প হৈ পৰিছে। গতিকে চৰকাৰে ভাৰতীয় ষ্টেট বেংক (এছবিআই)ৰ বাহিৰে সকলো চৰকাৰী বেংকৰ ব্যক্তিগতকৰণৰ পথত খোজ আগবঢ়াব লাগে। নেচনেল কাউন্সিল অৱ এপ্লাইড ইকনমিক ৰিচাৰ্চ চমুকৈ এনচিএইআৰএ শেহতীয়াকৈ প্ৰকাশিত এক প্ৰতিবেদনত এনে প্ৰস্তাৱ আগবঢ়াইছে। এই প্ৰতিবেদন প্ৰস্তুত কৰিছে পুনম গুপ্তা আৰু অৰ্থনীতিবিদ অৰবিন্দ পানাগাৰিয়াই। তেওঁলোকৰ মতে, বজাৰ অংশীদাৰিত্বৰ ক্ষেত্ৰতো ব্যক্তিগত বেংকসমূহ আগবাঢ়িছে। এছ বি আইৰ উপৰি বিগত দশকত আন আন পি এছ বিৰ ব্যৱসায়ো হ্ৰাস পাইছে। ইফালে কোম্পানী চলোৱাৰ খৰচ বৃদ্ধি পাইছে। ঋণ পৰিশোধৰ হাৰ হ্ৰাস হৈছে। সম্পত্তি আৰু ইকুইটিৰ ক্ষেত্ৰত ব্যক্তিগত বেংকতকৈ পিছ পৰি আছে পি এছ বি। যিটো একেবাৰেই ভাল লক্ষণ নহয়। এনে অৱস্থাত ৰিজাৰ্ভ বেংকে সংস্কাৰৰ পথত খোজ দিয়াৰ সুযোগ আছে। কিন্তু, সংশ্লিষ্ট বেংকসমূহত চৰকাৰী অংশীদাৰিত্বই, সেইটোত বাধাৰ সৃষ্টি কৰিছে। প্ৰতিবেদনত আৰু কোৱা হৈছে যে যোৱা দহ বছৰত কৰ্মক্ষমতা আৰু ব্যৱসায়ৰ পৰিসৰ বৃদ্ধিৰ বাবে একাধিক নীতি প্ৰণয়ন কৰা হৈছে। ইয়াৰ পিছতো চৰকাৰী বেংকে হেৰুওৱা মৰ্যাদা ঘূৰাই আনিব পৰা নাই। ব্যক্তিগত বেংকৰ তুলনাত চৰকাৰী বেংকৰ নন-পাৰফৰ্মিং লোনৰ পৰিমাণো বৃদ্ধি পাইছে। চৰকাৰে ২০১০-১১ বিত্তীয় বৰ্ষৰ পৰা ২০২০-২১ বিত্তীয় বৰ্ষৰ ভিতৰত চৰকাৰী বেংকত ৭৫.৬ বিলিয়ন টকা দিছে বৃহৎ ঘাটি পূৰণৰ বাবে। পুনম গুপ্তা আৰু অৰবিন্দ পানানাৰিয়াই প্ৰতিবেদনত ইংগিত দিছে কোনবোৰ পি এছ বি ব্যক্তিগতকৰণ কৰা উচিত। তেওঁলোকৰ বাৰ্তা হৈছে যে চৰকাৰী অংশীদাৰিত্বৰ সৰ্বনিম্ন অংশীদাৰিত্ব থকা বেংকসমূহ ব্যক্তিগতকৰণ কৰাটো সহজ হ’ব। 0 26 শ্বেয়াৰ কৰক FacebookTwitterGoogle+ReddItWhatsAppPinterestইমেইল