এটা ছাগলীৰ দাম ৭০ লাখ টকা !

0 33

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ জুলাই : আজি বকৰি ঈদ। ইছলাম অনুগামীসকলৰ বাবে ই অন্যতম প্ৰধান উৎসৱ।কোৱা বাহুল্য যে, এই ঈদক কেন্দ্ৰ কৰি সমগ্ৰ দেশতে এখন বিশাল ছাগলীৰ ব্যৱসায়ৰ বজাৰ আছে। প্ৰতিবছৰৰ দৰেই ৰায়পুৰৰ বকৰা মন্দি বজাৰত বকৰি ঈদৰ বাবে ক্ৰেতা সমবেত হয়। ঈদৰ পূৰ্বে স্বাভাৱিকতে এই প্ৰাণীবিধৰ চাহিদা বহু পৰিমাণে বৃদ্ধি পায়। ৰায়পুৰৰ বৈজনাথপাৰাৰ চিৰাট পথাৰৰ ছাগলীৰ বজাৰত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ছাগলী ব্যৱসায়ী উপস্থিত হয়হি। এইবাৰ এই বজাৰত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে মধ্যপ্ৰদেশৰ অনুপুৰৰ এটা ছাগলী। ছাগলীটোৰ দাম জানেনে? মাত্ৰ ৭০ লাখ টকা! ছাগলীটোৰ মালিক ৱাহিদ হোছেইনে কয়— “এই ছাগলীটো কোনো সাধাৰণ ছাগলী নহয়। ইয়াৰ বিশেষত্ব আছে। নাগপুৰৰ এজন লোকে ২২ লাখ টকা আগবঢ়াইছে। অৱশ্যে এতিয়ালৈকে চুক্তি স্বাক্ষৰ হোৱা নাই। আশাকৰোঁ আমি ছাগলীটোৰ বাবে অধিক দাম পাম।” আনহাতে মধ্যপ্ৰদেশৰ চুছনাৰৰ বাসিন্দা শ্বাহৰুখ খানে এইখন বজাৰত ছাগলী বিক্ৰী কৰিবলৈ আহিছে। তেওঁৰ ছাগলীটোৰ নাম চুলতান। চুলতানৰ বিক্ৰী মূল্য প্ৰায় ১১ লাখ টকা। মালিকে দাবী কৰে— “ছাগলীটোৰ ওপৰত আল্লাহ আৰু মহম্মদ লিখা আছে। সেইবাবেই ইমান ব্যয়বহুল।” দুবছৰৰ পাছত জয়পুৰৰ ঈদগাহৰ সমীপৰ বকৰা মন্দিৰ ছাগলীৰ বজাৰখন ব্যস্ত হৈ পৰিছে। ছাগলীৰ শৰীৰত আল্লাহ আৰু ছাগলীৰ ওপৰত চন্দ্ৰৰ ডিজাইন লিখা আছে। সেই ছাগলীবোৰ লাখ লাখ টকাত বিক্ৰী কৰিবলৈ অনিচ্ছুক ছাগলীৰ মালিকসকল। এনে ছাগলী চাবলৈ ওচৰ-চুবুৰীয়া অঞ্চলৰ বাসিন্দাসকল সমবেত হৈছে। ৰজাৰ দৰে ছ’চিয়েল মিডিয়াত ছাগলীৰ ছবি আৰু ভিডিঅ’ই প্ৰাধান্য পাইছে। বজাৰখনত চলিছে ‘বকৰা ৰাজ’!

মন্তব্য দিয়ক

Your email address will not be published.