এতিয়াও অবিবাহিত আপুনি? কৰ্কট ৰোগত মৃত্যুৰ সম্ভাৱনা আপোনাৰ বেছি!

0 27

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১১ অক্টোবৰ : আপুনি অবিবাহিত নেকি? সংগীৰ সৈতে বিচ্ছেদৰ বাবে নিসংগতাত ভুগিছে নেকি? এই কাৰণেই শৰীৰৰ ফোঁহাটোৰ বিষয়ে অৱগত নহয় চাগে আপুনি, তাৰ পিছতে মাৰাত্মক ৰোগ কৰ্কট ৰোগৰ বিষয়ে! শেহতীয়াকৈ কৰা এক অধ্যয়নৰ পৰা এনে আশ্চৰ্যজনক তথ্যৰ উন্মেষ ঘটিছে। বিবাহিতসকলতকৈ অবিবাহিত মহিলা বা পুৰুষৰ পেটৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা বেছি। এই কথা চীনৰ গৱেষকসকলে কয়। ‘জাৰ্নেল অৱ ইনভেষ্টিগেটিভ মেডিচিন’ৰ দুই এজন গৱেষকে ৩০০০জন গেষ্ট্ৰিক কেন্সাৰ ৰোগীৰ ওপৰত এই অধ্যয়ন চলাইছিল। তাৰ পিছত তেওঁলোকে এই সিদ্ধান্তত উপনীত হয় যে যিসকল লোক অবিবাহিত বা সংগী নথকা লোক তেওঁলোকৰ পেটৰ কৰ্কট ৰোগত মৃত্যু হোৱাৰ সম্ভাৱনা বিবাহিত লোকসকলতকৈ বেছি। পেটৰ কৰ্কট ৰোগ বিশ্বজুৰি কৰ্কট ৰোগৰ মৃত্যুৰ তৃতীয় প্ৰধান কাৰণ। ২০১৮ চনত ১০ লাখতকৈ অধিক লোক এই কৰ্কট ৰোগত আক্ৰান্ত হৈছিল আৰু ৭ লাখ ৮০ হাজাৰ লোকৰ মৃত্যু হৈছিল। কৰ্কট ৰোগত আক্ৰান্ত বিবাহিত পুৰুষ আৰু মহিলাৰ ৭২ শতাংশই অবিবাহিত লোকতকৈ কমেও ৫ বছৰ বেছিদিন জীয়াই থাকে। গৱেষকসকলৰ মতে, ইয়াৰ আঁৰৰ কাৰণটো হ’ল তেওঁলোকৰ জীৱন ধাৰণ প্ৰণালী। পত্নীৰ লগত থাকিলে মানুহৰ জীয়াই থকাৰ ইচ্ছাশক্তি বহুগুণে বাঢ়ি যায়। যাৰ ফলত যিকোনো ব্যক্তিৰ জীয়াই থকাৰ ইচ্ছা বহুগুণে বৃদ্ধি পায়। আনহাতে, যিসকল অবিবাহিত তেওঁলোকৰ কোনো আশ্ৰয় নথকাৰ বাবে ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ শক্তি কম হয়। গতিকে তেওঁলোকৰ কেন্সাৰ হোৱাৰ সম্ভাৱনা অতি বেছি। বিজ্ঞানৰ মতে ৫০ বছৰৰ পাছত মানুহৰ কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। এই ৰোগ পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত বেছি হোৱা বুলি জনা যায়। গৱেষকসকলে লগতে কয় যে বিবাহিত লোকৰ যিকোনো ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি। যাৰ বাবে চিকিৎসাৰ জৰিয়তে সুস্থ হোৱাৰ হাৰো অধিক।

মন্তব্য দিয়ক

Your email address will not be published.