সৌম্যদ্বীপ দত্ত
প্ৰকৃতিৰ প্ৰতি শ্ৰদ্ধাশীল নোহোৱাৰ ফলত আমাৰ আজি এই দুৰাৱস্থা। বহুতেই চৰকাৰক গালি-গালাজ আৰু দোষাৰোপ কৰিছে। কিন্তু মূল সত্যটো হ’ল আমাৰ কৰ্ম ফলৰ পৰিণতি হিচাপে এই পৰিস্থিতিৰ সৃষ্টি হৈছে। এতিয়াও যদি আমি প্ৰকৃতিৰ প্ৰতি শ্ৰদ্ধাশীল হ’ব নোৱাৰোঁ, এতিয়াও যদি আমি চাৰিওফালে হোৱা প্ৰকৃতি সংৰক্ষণৰ বাবে বিশেষ আগভাগ নলও; আমি যদি উদাসীন হৈ থাকো তেনেহলে পৰিস্থিতি আৰু জটিল তথা ভয়ানক হ’ব পাৰে।আমি যদি ভাবোঁ যে ঘটনাটো মাজে মাজে হ’ব আৰু আমি আমাৰ প্ৰকৃতি সংৰক্ষণৰ বাবে উদাসীন হৈ থাকো; তেনেহলে পৰিস্থিতি এনেকুৱা হ’ব যে গুৱাহাটীৰ বহু অঞ্চল মানুহৰ বসবাসৰ বাবে উপযুক্ত হৈ নাথাকিব। মানুহ গুৱাহাটীৰ পৰা পলাবলৈ বাধ্য হ’ব। মহেঞ্জোদাৰো আৰু হৰপ্পাৰ দৰে মহানগৰ আজিৰ পৰা প্ৰায় পাঁচ হাজাৰ বছৰ আগতে এনেকুৱা বানপানীৰ ফলতেই মানুহৰ দ্বাৰা পৰিত্যক্ত হৈছিল।ইতিহাসৰ পৰা আমি শিক্ষা গ্ৰহণ কৰা উচিত। এতিয়াও সময় আছে, আমি আমাৰ আচৰণ প্ৰকৃতি মুখি কৰিব লাগিব। নহ’লে গুৱাহাটীখনত আমাৰ পৰৱৰ্তী প্ৰজন্মৰ বসবাস অসম্ভৱ হৈ উঠিব। চৰকাৰে একো কৰিব নোৱাৰিব; যদি আমাৰ “ই’কলজিকেল” নিৰাপত্তাৰ প্ৰাকৃতিক প্ৰতিৰোধী ব্যৱস্থাও আমি ধ্বংস কৰি পেলাওঁ। তেনেহলে আমাক নিৰাপত্তা দিবলৈ থাকিব কোন? চৰকাৰে ? প্ৰকৃতিয়ে যদি নিৰাপত্তা নিদিয়ে তেনেহলে কোনো ৰাজনৈতিক দল বা নেতা বা চৰকাৰ, কোনেও নিৰাপত্তা দিব নোৱাৰে। সেয়েহে আমাৰ আচৰণৰ পৰিৱৰ্তন হোৱা দৰকাৰ আৰু প্ৰকৃতি সংৰক্ষণৰ কোনো বিকল্প নাই।
পূৰ্বৱৰ্তী লেখা