এন্টাৰ্কটিকাতো পোৱা গ’ল মাইক্ৰ’ প্লাষ্টিক
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ জুনঃ বিশ্বৰ দক্ষিণ প্ৰান্তত থকা বৰফৰ মহাদেশ এণ্টাৰ্কটিকাতো ধৰা পৰিছে মাইক্ৰ’ প্লাষ্টিকৰ উপস্থিতি। শেহতীয়াকৈ মহাদেশখন ভ্ৰমণ কৰা বিজ্ঞানীসকলৰ গৱেষণাত এই ক্ষুদ্ৰ পলিমাৰৰ টুকুৰাবোৰ উপস্থিতিৰ কথা নথিভুক্ত কৰা হৈছে। গৱেষকসকলে এন্টাৰ্কটিকাৰ ৰছ দ্বীপ অঞ্চলৰ ১৯টা ভিন্ন স্থানৰ পৰা বৰফৰ নমুনা সংগ্ৰহ কৰি চলোৱা পৰীক্ষাত প্ৰতিটো নমুনাত গড়ে ২৯টা মাইক্ৰ’ প্লাষ্টিকৰ কণা পাইছে। ইয়াৰে অধিকাংশ কণা কাপোৰ আৰু পানীৰ বটলত পোৱা এক প্ৰকাৰৰ প্লাষ্টিকৰ পৰা আহিছিল বুলি কোৱা হৈছে। চলিত সপ্তাহৰ আৰম্ভণিতে দ্য ক্ৰাইঅ’স্ফিয়াৰ আলোচনীত প্ৰকাশিত গৱেষকসকলৰ এই আৱিষ্কাৰৰ কথা প্ৰকাশ কৰি কোৱা হৈছে যে, আনকি দূৰৱৰ্তী এন্টাৰ্কটিকাৰ পৰিৱেশ তন্ত্ৰও মাইক্ৰ’ প্লাষ্টিকৰ পৰা হোৱা দূষণৰ পৰা হাত সাৰিব নোৱাৰিব। অধ্যয়নটোৰ মুখ্য লেখক এলেক্স এভেছে এক বিজ্ঞপ্তিযোগে কয়— “এয়া অবিশ্বাস্যভাৱে দুখৰ কথা; কিন্তু সতেজ এন্টাৰ্কটিকাৰ বৰফত মাইক্ৰ’ প্লাষ্টিক বিচাৰি পোৱাটোৱে আনকি বিশ্বৰ অতি দূৰৱৰ্তী অঞ্চলসমূহলৈও প্লাষ্টিক প্ৰদূষণৰ পৰিসৰ বৃদ্ধি পোৱাৰ আশংকা বৃদ্ধি কৰিছে।” মাইক্ৰ’প্লাষ্টিকসমূহৰ সৰ্বব্যাপিতা গৱেষকসকলৰ ক্ৰমাৎ আগ্ৰহ আৰু অধ্যয়নৰ বিষয় হৈ পৰিছে; কাৰণ ইয়াৰ সৈতে সম্ভাৱ্য অপ্ৰত্যাৱৰ্তনীয় নেতিবাচক পৰিৱেশ প্ৰভাৱৰ সম্পৰ্ক আছে আৰু ই মানুহৰ স্বাস্থ্যত বিৰূপ প্ৰভাৱ পেলাব পাৰে।