এন্দুৰৰ বয়স কমাবলৈ সক্ষম হ’ল বিজ্ঞানী
মানুহৰ বয়স কমোৱাও সম্ভৱ হ'ব নেকি!
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৫ জুনঃ বিজ্ঞানৰ অনন্য আৱিষ্কাৰ। বিচাৰিলে অসম্ভৱকো সম্ভৱ কৰিব পাৰে বিজ্ঞানীসকলে! মানুহৰূপী ভগৱানসকলৰ নতুন আৱিষ্কাৰে কিন্তু হাৰ মনাব পাৰে যিকোনো কল্পবিজ্ঞানৰ গল্পকো! শুনিবলৈ অসম্ভৱ যেন লাগিলেও সম্প্রতি গৱেষণাগাৰত এটা এন্দুৰৰ বয়স কমাবলৈ সক্ষম হৈছে বিজ্ঞানী। হার্ভার্ড মেডিকেল স্কুলৰ গৱেষকসকলে মাইক্র বায়লজিৰ গৱেষক ডেভিদ সিঙ্কলেয়াৰৰ নেতৃত্বত পৰীক্ষাগাৰতেই এটা এন্দুৰৰ বয়স কমাই পেলাইছে! কিদৰে এই অসম্ভৱক সম্ভৱ কৰিলে তেওঁলোকে? কি তাৰ বৈজ্ঞানিক ভিত্তি? তেওঁলোকৰ পৰা জানা গ’ল কিছু বিশেষ প্রটিনে পূর্ণবয়স্ক কোষক পুনৰায় ষ্টেম চেললৈ ৰূপান্তৰিত কৰিব পাৰে। ২০২০ চনত এই পদ্ধতিৰ ব্যৱহাৰ কৰি এটা এন্দুৰৰ চকু পর্যন্ত ঘূৰাই দিবলৈ সক্ষম হৈছিল তেওঁলোক। বয়সৰ কাৰণে এন্দুৰটোৰ ৰেটিনা নষ্ট হৈ গৈছিল; কিন্তু বিজ্ঞানীসকলে কিছু বিশেষ প্রটিন ব্যৱহাৰ কৰি সেই কোষবোৰ পুনৰাই ঘূৰাই আনিবলৈ সক্ষম হয়। জাপানী বিজ্ঞানী চিনইয়া ইয়ামানাকাই ২০০৭ চনত কৃত্রিমভাৱে ছালৰ বয়স বৃদ্ধি কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ সেই আৱিষ্কাৰৰ জোৰতে নোবেল বঁটাও লাভ কৰিছিল। এন্দুৰৰ বয়স কমোৱাৰ সাম্প্রতিক আৱিষ্কাৰ আচলতে এই পদ্ধতিটোৰ বিপৰীত। বিজ্ঞানীসকলে বহু দিন ধৰিয়েই ইয়াৰ বাবে চেষ্টা কৰি আহিছিল।
* কেনেদৰে হ’ল নতুন আৱিষ্কাৰ?
একেলগে জন্ম হোৱা দুটা এন্দুৰৰ ওপৰত পৰীক্ষা চলোৱাৰ সময়ত এটা এন্দুৰৰ বিশেষ কিছু প্রটিন আৰু জিনগত সলনি ঘটায় বিজ্ঞানীসকলে। দেখা গৈছে, এটা এন্দুৰ ক্রমশঃ বৃদ্ধ হৈ গ’লেও আনটো এন্দুৰৰ ওপৰত কোনো বয়সৰ প্রভাৱ পৰা নাই। এন্দুৰটোৰ শৰীৰত ব্যৱহাৰ কৰা বিশেষ প্রটিনবোৰেই তাৰ বয়সক বাঢ়িবলৈ দিয়া নাই। এন্দুৰৰ বয়স এঠাইত ধৰি ৰখাৰ এই কৃত্রিম ক্ষমতাই আশা যোগাইছে মানুহৰ বার্ধক্য ৰোধ কৰাৰ। কিজানি সেই দিন হয়তো আৰু বেছি দূৰত নাই যিবোৰ দিনত মানুহৰ বয়সো একেঠাইতে ধৰি ৰখা সম্ভৱ হ’ব। বিজ্ঞানীসকলৰ অবিশ্বাস্য আৱিষ্কাৰবোৰেই মানৱ জীৱনৰ আশা বঢ়াই আহিছে। মানুহৰ জীৱনৰ প্রধান দুটা চৰম ব্যাধি হ’ল জৰা আৰু মৃত্যু। সেই জৰাকেই যদি বাধা দিয়া হয়, তেন্তে কোনে ক’ব পাৰে যে, মানুহে হয়তো এদিন অমৰত্ব লাভ নকৰিব! অৱশ্যে বিশেষজ্ঞসকলৰ সতর্কবার্তা— গৱেষণাটোৱে জীৱবিদ্যাৰ ক্ষেত্রত নতুন দিগন্তৰ পৰ দেখুৱালেও গোটেই বিষয়টো লৈ এতিয়াই কোনো সিদ্ধান্তলৈ অহাটো উচিত নহ’ব। বিষয়টোক লৈ এতিয়াও বিস্তাৰিত গৱেষণাৰ প্রয়োজন আছে।