শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৫ জুন : কেন্সাৰৰ পিছত এইবাৰ এইডছ (AIDS)। দুৰাৰোগ্য ৰোগত সোণালী আলোকৰ ৰেখা। এইচ আই ভি (HIV) বা হিউমেন ইমিউনোডেফিচিয়েন্সি ভাইৰাছক কাবু কৰাৰ চাবিকাঠি পাই গৈছে গৱেষকসকলে। তেল আভিভ বিশ্ববিদ্যালয়ৰ এদল মেধাবী, অনুসন্ধিৎসু বিজ্ঞানীয়ে দীর্ঘ পৰীক্ষা নিৰীক্ষাৰ অন্তত এটা টিকা (vaccine) তৈয়াৰ কৰিছে। যিবিধ টিকাৰ এটা মাত্র ড’জে সম্পূর্ণ সুস্থ কৰি তুলিব পাৰে এইডছ আক্রান্তক। বিশ্বখ্যাত বিজ্ঞান বিষয়ক জার্নাল ‘নেচাৰ’ত তেওঁলোকৰ এই গৱেষণাৰ ফলাফল আৰু পর্যবেক্ষণ বিশদভাৱে প্রকাশিত হৈছে। জনা গৈছে যে, এই টিকাটোৰ ক্লিনিকেল ট্রায়েল সম্পূর্ণ হৈছে। এইচআইভি নির্মূলত আশাতীত সাফল্য পাইছে ঔষধটোৱে। এইবাৰ কোনো বৃহৎ সংস্থাই বাণিজ্যিকভাৱে এই টিকা প্রস্তুতিৰ দায়িত্ব ল’লে কিছুদিনৰ ভিতৰতেই বজাৰলৈ আহিব পাৰে এইডছ নিৰাময়ৰ মেজিকেল মেডিচিন। ‘নেচাৰ’ত প্রকাশিত প্রতিবেদনত কোৱা হৈছে যে, ইজৰাইলি গৱেষকসকলে প্ৰস্তুত কৰা এই টিকা শক্তিশালী এন্টিবডি সৃষ্টি কৰিবলৈ সক্ষম। যি এইডছৰ বাবে দায়ী এইচআইভি-ৰ বিৰুদ্ধে তুমুল যুদ্ধ চলাই তাকে দুর্বল কৰি পেলায়। এই ভেকচিনটো শৰীৰত প্রয়োগৰ পিছত সৃষ্টি হয় এক বিশেষ ধৰণৰ কোষ, যাক বি-চেল বোলা হৈছে। ক্ষতিগ্রস্ত অস্থি-মজ্জাও ক্রমে শক্তিশালী হৈ উঠে। তাৎপর্যপূর্ণ বিষয় হ’ল, এইডছৰ চৰিত্র সলনিৰ লগে লগে এই কোষেও তাৰ চৰিত্র বদলাই পেলায়। ফলত এইচআইভিয়ে নতুনকৈ শৰীৰত কোনো বিপত্তি ঘটাব নোৱাৰে। গৱেষণাৰ লগত জড়িত অন্যতম প্রধান বিজ্ঞানী ডা° বার্জেলে জনাইছে যে, দীর্ঘদিন ধৰি এইডছ প্রতিৰোধৰ বাবে টিকা তৈয়াৰৰ গৱেষণা চলিছিল। অৱশেষত আশাতীত সাফল্য পোৱা গ’ল।