এভাৰেষ্টত অভিলেখ সংখ্যক ২৬ বাৰলৈ পদাৰ্পণ নেপালী শ্বেৰ্পাৰ

0 57

শতাব্দ বিশেষ প্ৰতিনিধি, ৮ মে’ : জীৱনত এবাৰলৈ হ’লেও মাউণ্ট এভাৰেষ্ট শৃঙ্গত আৰোহণ কৰাটো বিশ্বৰ প্ৰতিজন পৰ্বতাৰোহীৰ সপোন। কিন্তু নেপালৰ এজন শ্বেৰ্পাৰ জীৱনৰ সপোন হৈছে বিশ্বৰ সৰ্বোচ্চ শৃঙ্গটোত কিমান বাৰ তেওঁ আৰোহণ কৰিব। নেপালৰ ৫২ বছৰীয়া শ্বেৰ্পা কামি ৰিতা শ্বেৰ্পাই কালি ৭ মে’ তাৰিখে নেপালৰ স্থানীয় সময় সন্ধিয়া ৬ বাজি ৫৫ মিনিটত মাউণ্ট এভাৰেষ্টৰ শৃঙ্গত ২৬ বাৰৰ বাবে আৰোহণ কৰি নিজেই গঢ়া অভিলেখ ভঙ্গ কৰি বিশ্ব অভিলেখ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে, আন এঘাৰ গৰাকী শ্বেৰ্পাৰ সৈতে এটা পৰ্বতাৰোহী দলৰ লগত ৰিতা শ্বেৰ্পাই ৮,৮৪৮.৮৬ মিটাৰ উচ্চতাৰ শৃঙ্গটোত কালি আৰোহণ কৰে। ১৯৯৪ চনৰ ১৩ মে’ত তেওঁ প্ৰথমবাৰৰ বাবে মাউণ্ট এভাৰেষ্টৰ শৃঙ্গত আৰোহণ কৰিছিল।

মন্তব্য দিয়ক

Your email address will not be published.