শতাব্দ প্ৰতিনিধি লখিমপুৰ, ৯ ফেব্ৰুৱাৰীঃ সাৰদা, ৰ’জভেলীৰ দৰেই এতিয়া বিত্তীয় কেলেংকাৰীত নাম সাঙোৰ খাই পৰিছে যোৰহাট জিলাৰ তৰাজান আশীষ নগৰত মুখ্য কাৰ্যালয় থকা অসম বহুমুখী সমবায় সমিতি লিমিটেড নামৰ গ্ৰাহকৰ লগত বিত্তীয় লেনদেন অব্যাহত ৰখা সমিতিখনৰ নাম। উল্লেখ্য যে, এই সমিতিখনে লখিমপুৰ জিলাৰ কদম ৰাজহ চক্ৰৰ অন্তৰ্গত চিয়াজুলি ষ্টেচন তিনিআলিত লীলাবাৰী (চিয়াজুলি) নামেৰে এটা শাখা যোৱা প্ৰায় পাঁচ বছৰ পূৰ্বে মুকলি কৰিছিল। সেই অনুসৰি শাখা কাৰ্যালয়টো পৰিচালনাৰ দায়িত্ব মৃদুল বড়ো নামৰ এগৰাকী ব্যক্তিৰ ওপৰত অৰ্পণ কৰি যোৱা প্ৰায় পাঁচ বছৰ ধৰি ষ্টেচন তিনিআলিটোত সৰু-বৰ ব্যৱসায়ৰ লগত জড়িত ব্যৱসায়ীসকলৰ লগতে স্থানীয় বহু লোকৰ লগত বিত্তীয় লেনদেন অব্যাহত ৰাখিছিল। জানিব পৰা মতে, দৈনিক ৫০ টকাৰ পৰা ৫০০-১০০০ টকাপৰ্যন্ত এবছৰীয়া, দুবছৰীয়া, তিনি বছৰীয়া আৰু পাঁচ বছৰীয়া প্লানৰ অধীনত ৬ শতাংশ সুদৰ হাৰত উল্লিখিত সমিতিখনে স্থানীয় বহু গ্ৰাহকৰ পৰা জমা লৈছিল। পিচে শাখা কাৰ্যালয়টোত সংঘটিত হোৱা বহু বিত্তীয় কেলেংকাৰীৰ পৰিণতিত যোৱা ৩০/১২/২০২২ তাৰিখে সমিতিখনৰ মুখ্য কাৰ্যালয়ৰ উচ্চপদস্থ বিষয়াবৰ্গ শাখা কাৰ্যালয়টোত উপস্থিত হৈ কাৰ্যালয়টো ছীল কৰি দিয়ে। শাখা কাৰ্যালয়টো ছীল কৰাৰ সময়ত স্থানীয় গ্ৰাহকসকলৰ ৰোষত পৰাৰ ভয়ত সমিতিখনৰ মুখ্য কাৰ্যালয়ৰ উচ্চপদস্থ বিষয়াবৰ্গই বছেৰেকীয়া অ’ডিটৰহেতু মাত্ৰ ১৫ দিনৰ বাবেহে কাৰ্যালয়টো ছীল কৰা বুলি গ্ৰাহকসকলক জনাইছিল যদিও বৰ্তমান এমাহ অতিক্ৰম হৈ যোৱাৰ পিচতো শাখা কাৰ্যালয়টোৰ ছীল কৰা তলা খুলি নিদিয়াত এই সমিতিখনেও সাধাৰণ গ্ৰাহকৰ মূৰত মাধমাৰ শোধাই গ্ৰাহকসকলে জমা কৰা ধন ৰ’জভেলীৰ দৰেই আত্মসাৎ কৰা বুলি ৰাইজে সন্দেহ ব্যক্ত কৰিছে। তথ্য মতে, সাধাৰণ পান-তামোলৰ দোকান দি তথা ব্ৰয়লাৰ মুৰ্গী কাটিও একাংশ গ্ৰাহকে পৰিয়াল পোহপালত সুবিধা হোৱাকৈ উল্লিখিত শাখা কাৰ্যালয়টোত এবছৰীয়া-দুবছৰীয়া প্লানৰ অধীনত দৈনিক ৫০ টকাৰ পৰা ২০০ টকাপৰ্যন্ত ধন জমা ৰাখিছিল। পিচে এনে একাংশ গ্ৰাহকৰ মূৰত মাধমাৰ শোধাই তথা তেওঁলোকৰ জমা ধন ঘূৰাই নিদিয়াকৈয়ে অসম বহুমুখী সমবায় সমিতি লিমিটেডে বৰ্তমান উক্ত শাখা কাৰ্যালয়টো বন্ধ কৰি দিয়াত সাধাৰণ গ্ৰাহক ৰাইজে এতিয়া মূৰে-কপালে হাত দিবলগা হৈছে।
