এলিয়েনৰ সংস্পৰ্শলৈ ট্ৰাক চালক!

0 16
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ জুলাই: এলিয়েনৰ প্ৰতি মানুহৰ আগ্ৰহৰ অন্ত নাই। আনকি বিজ্ঞানীসকলেও বছৰ বছৰ ধৰি এলিয়েনৰ উপস্থিতিৰ বিষয়ে অধিক জানিবলৈ দীঘলীয়া অধ্যয়নত নিয়োজিত হৈ আহিছে। কল্পনাৰ আধাৰত ইতিমধ্যে এলিয়েন সম্পৰ্কীয় বহু কাহিনী আৰু চিনেমা নিৰ্মাণ কৰা হৈছে। কিন্তু এলিয়েনৰ সঠিক উপস্থিতি সন্দৰ্ভত এতিয়াও প্ৰশ্ন উত্থাপিত হৈ আছে। ইফালে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা ইউ এফ অ’ দেখা পোৱাৰ বিভিন্ন দাবী উত্থাপন হৈছে। কিন্তু পিছলৈ সেইবোৰ ‘ভুল’ বুলি প্ৰমাণিত হয়। এনে অৱস্থাত এটা চাঞ্চল্যকৰ দাবী পোহৰলৈ আহিছে। এজন ৪৫ বছৰীয়া ট্ৰাক চালকে শেহতীয়াকৈ এলিয়েনক লগ পোৱা বুলি দাবী কৰিছে। আনকি, সৰুৰে পৰাই তেওঁ এলিয়েন চিনি পায়! এই দাবী শুনি সকলো স্তম্ভিত হৈ পৰিছে। ব্ৰিটিছ নাগৰিক মাইকেল এলেনৰ মতে তেওঁ এলিয়েনৰ সৈতে কথা পাতে। সৰুতে এলিয়েনে তেওঁৰ সৈতে যোগাযোগ কৰিছিল। তেওঁ এইটোও প্ৰকাশ কৰিছে যে এলিয়েনে মাইকেলক বহুবাৰ অপহৰণ কৰিছে। এই প্ৰসংগত ডেইলী ষ্টাৰৰ এক প্ৰতিবেদনত কোৱা হৈছে যে, মাইকেলে শৈশৱতে প্ৰথমবাৰৰ বাবে এলিয়েনক লগ পাইছিল। মূলতঃ আশীৰ দশকত যেতিয়া এলিয়েনবোৰ তেওঁৰ ওচৰলৈ আহিছিল, তেতিয়া তেওঁৰ মূৰত আঘাত পাইছিল। প্ৰথমতে তেওঁ ভাবিছিল যে, তাতেই মাকক দেখিছে। কিন্তু, তেওঁৰ মতে, তাত এজন ধূসৰ এলিয়েন আছিল। তদুপৰি ইমান অদ্ভুত কথা তেওঁ আগতে কেতিয়াও দেখা নাছিল বুলিও কয়। তদুপৰি সেইটো কি প্ৰাণী তেওঁ নাজানিছিল। কিন্তু পিছত উপলব্ধি কৰিলে যে তেওঁ সেইদিনা এটা এলিয়েন দেখিছিল। যিয়ে মাইকেলক এটা মিছনৰ বাবে বাছি লৈছিল। ইয়াৰ উপৰি মাইকেলে এলিয়েন সত্তাৰ সৈতে হোৱা এই মুখামুখি হোৱাটো কিতাপৰ ৰূপত প্ৰকাশ কৰিছিল। এই ক্ষেত্ৰত তেওঁ বিশ্বাস কৰে যে এলিয়েনৰ প্ৰকৃত অস্তিত্ব আছে।
মন্তব্য দিয়ক

Your email address will not be published.