এল’ৰ্ডা কাপৰ ফাইনেলত যমুনা বড়ো

0 29

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৪ জুলাই : বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জৰ পদক বিজয়ী যমুনা বড়োৱে ৩ জুলাই দেওবাৰে কাজাখাস্তানৰ নুৰ-চুলতানত অনুষ্ঠিত এল’ৰ্ডা কাপৰ ফাইনেলত প্ৰৱেশ কৰে কাজাখাস্তানৰ অনেল ছাকিছক হৰুৱাই। শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ বাসিন্দা যমুনাই ঘৰুৱা বক্সাৰগৰাকীৰ বিৰুদ্ধে ৫৪ কেজি শাখাৰ ছেমি ফাইনেলত জয়লাভ কৰে। যমুনাৰ উপৰি আন তিনিগৰাকী ভাৰতীয় বক্সাৰ কলাইৱনী শ্ৰীনিবাসন (৪৮ কিলোগ্ৰাম), গীতিকা (৪৮ কিলোগ্ৰাম) আৰু আলফিয়া (৮১+কিলোগ্ৰাম)ই ৪ জুন সোমবাৰে ফাইনেল খেলিব। উল্লেখ্য যে, প্ৰতিযোগিতাৰ চেম্পিয়ন বক্সাৰগৰাকীয়ে ৭০০ ডলাৰ লাভ কৰাৰ বিপৰীতে ৰূপ আৰু ব্ৰঞ্জৰ পদক বিজয়ীসকলে ক্ৰমে ৪০০ আৰু ২০০ মাৰ্কিন ডলাৰ লাভ কৰিব।

মন্তব্য দিয়ক

Your email address will not be published.