উত্তৰ লখিমপুৰ, ২৭ মেঃ লখিমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ত ৰসায়ন বিজ্ঞান বিভাগৰ সহযোগত ২৬ মেত Synopsis and Dissertation Writing for B.Sc Course শীৰ্ষক বিষয়ৰ এখন আলোচনা সত্ৰ অনুষ্ঠিত হয়। আলোচনা সত্ৰৰ সমল ব্যক্তি হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ৰেক্টৰ ড° হৰি প্ৰসাদ শৰ্মা উপস্থিত থাকে । এই সভাৰ লগত সংগতি ৰাখি মহাবিদ্যালয়খনৰ প্ৰকাশন কোষৰ সহযোগত ৰসায়ন বিজ্ঞানৰ মুৰব্বী অধ্যাপক ড° দেৱজিৎ দত্তৰ দ্বাৰা প্ৰকাশিত “স্বাস্থ্যকৰ জীৱন” নামৰ এখন কিতাপ সমল ব্যক্তি ড° হৰি প্ৰসাদ শৰ্মাই উন্মোচন কৰে। সভাত বিশিষ্ট ব্যক্তি হিচাপে পাণ্ডু মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° নীলমোহন ৰায় উপস্থিত থাকে। সভাখন উদ্বোধন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বুবুল কুমাৰ শইকীয়াই। সভাত উপাধ্যক্ষকে ধৰি মহাবিদ্যালয়ৰ অধ্যাপক -অধ্যাপিকা আৰু ছাত্র ছাত্ৰী উপস্থিত থাকে।