শতাব্দ প্ৰতিনিধি, ধেমাজি ৩০ আগষ্ট : “এশ গৰু মাৰিলে বাঘৰো মৰণ” আপ্তবাক্যশাৰীৰ সঁচা প্ৰমাণিত কৰি অৱশেষত ভাড়াঘৰ এৰি ৰঙাঘৰলৈ যাবলগীয়া হ’ল চতিয়াৰ প্ৰাঞ্জল বৰমুদৈ আৰু তেওঁৰ দুই সহযোগী ৷ এখন দুখন নহয় নখনকৈ বাইক চুৰি কৰি ত্ৰাসৰ সৃষ্টি কৰা বিশ্বনাথ জিলাৰ চতিয়াৰ যুৱক প্ৰাঞ্জল বৰমুদৈৰ লগতে ধেমাজি নগৰৰ সমীপৱৰ্তী বটুৱা গাঁৱৰ ভৱেশ কাৰ্দং আৰু গোহাঁই গাঁৱৰ ৰূপান্তৰ বুঢ়াগোঁহাই আজি আৰক্ষীৰ জালত পৰে ৷ ধেমাজিত ভাড়াঘৰত থাকি বাইক চুৰিৰ বৃহৎ নেটৱৰ্ক গঢ়ি তুলিছিল প্ৰাঞ্জল বৰমুদৈ নামৰ এজন যুৱকে ৷ বিশ্বনাথ জিলাৰ চতিয়াৰ প্ৰাঞ্জল বৰমুদৈ নামৰ যুৱকজনে পিতৃ-মাতৃসহ ধেমাজি নগৰত ভাড়াঘৰত থাকি চলাই গৈছিল চুৰি কাৰ্য ৷ এই চুৰি কাৰ্যত সহযোগ কৰিছিল ধেমাজি নগৰৰ সমীপৱৰ্তী বটুৱা গাঁৱৰ ভৱেশ কাৰ্দং আৰু গোহাঁই গাঁৱৰ ৰূপান্তৰ বুঢ়াগোঁহায়ে ৷ কিন্তু এশ গৰু মাৰিলে বাঘৰো মৰণ হোৱাৰ দৰে আৰক্ষীৰ জালত পৰিল তিনিচোৰ ৷ ধেমাজিৰ আৰক্ষীয়ে বাইক চুৰি চক্ৰৰ বিৰুদ্ধে অভিযান চলাই ৯ খন বাইক আৰু ১০ জন যুৱকক আটক কৰিবলৈ সক্ষম হৈছে ৷ জিলাখনৰ বিভিন্ন প্ৰান্তত অভিযান চলাই তিনিখন Royal Enfield, পাঁচখন Hero Glamour আৰু এখন Super Splendor জব্দ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে জনোৱা মতে বটুৱা গাঁৱৰ ভৱেশ কাৰ্দং, গোহাঁই গাঁৱৰ ৰূপান্তৰ বুঢ়াগোঁহাই আৰু বিশ্বনাথ জিলাৰ চতিয়াৰ প্ৰাঞ্জল বৰমুদৈয়ে বাইকসমূহ চুৰি কৰি গ্ৰাহকক বিক্ৰী কৰিছিল ৷ আনহাতে চুৰি মটৰ চাইকেল ক্ৰয় কৰা সাতজন গ্ৰাহককো আটক কৰিছে আৰক্ষীয়ে ৷ প্ৰাঞ্জল বৰমুদৈয়ে ধেমাজি নগৰত ভাড়াঘৰত থাকি এটা গেং সৃষ্টি কৰি লৈছিল ৷ চুৰি চক্ৰটোৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ধেমাজিৰ আৰক্ষীয়ে ৷ ধেমাজি আৰক্ষীৰ এই অভিযান এক বৃহৎ সফলতা হিচাপে বিবেচিত হৈছে ৷ আনহাতে চুৰি হোৱা বাইকৰ গৰাকীয়ে ধেমাজি সদৰ থানাত ভিৰ কৰা পৰিলক্ষিত হৈছে ৷