শতাব্দ প্ৰতিনিধি, তেজপুৰ ৯ ফেব্ৰুৱাৰীঃ নটসূৰ্য্য ফণী শৰ্মা বঁটা প্ৰাপক তেজপুৰৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন নাট্যকাৰ-পৰিচালক, ঔপন্যাসিক, প্ৰাবন্ধিক ঐশ্বৰ্য্য কাকতিলৈ সদৌ অসম সাংস্কৃতিক সুৰক্ষা পৰিষদে আগবঢ়াইছে ২০২৩ বৰ্ষৰ “জীৱনজোৰা লোককৃষ্টি সাধনা বঁটা”। উল্লেখ্য যে, অহা ২৬ ফেব্ৰুৱাৰীৰ দিনৰ ১ বজাত “ৰাজ্যিক পৰ্য্যায়ৰ পৰামৰ্শদাতা সমিতি, ছাত্ৰ আৰু যুৱ কল্যাণ”, অসম চৰকাৰৰ সহযোগত গুৱাহাটীস্থ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ মাধৱদেৱ আন্তজাৰ্তিক প্ৰেক্ষাগৃহত এক মননশীল অনুষ্ঠানত বিশিষ্ট নাট্য আৰু কথাশিল্পী গৰাকীক আনুষ্ঠানিক ভাৱে এই বঁটা প্ৰদান কৰিব।
