ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বাঘ হত্যাৰ ঘটনাৰে জড়িত তিনিজনক গ্ৰেপ্তাৰ

0 17
শতাব্দ প্ৰতিনিধি, তেজপুৰ ,৮জুন: তেজপুৰত আদালতত ৩ বন্যপ্ৰাণী চিকাৰী। চাৰিদিনৰ পূৰ্বে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা ঢেকীয়াপতীয়া বাঘ হত্যা কৰি বৰছলাৰ দুই নম্বৰ বছা শিমলুত পুতি থৈছিল। এই ঘটনাৰে জড়িত তিনি অভিযুক্ত আজিবুৰ ৰহমান, হাছমত আলি আৰু মহম্মদ এম এলক কালি বন বিভাগৰ এটা দলে মৰিগাঁৱত আত্মগোপন কৰি থকা অৱস্থাত  গ্ৰেপ্তাৰ কৰে। ধৃত তিনিওকে আজি বিয়লি তেজপুৰ আদালতত হাজিৰ কৰোৱা হয়। আদালতে তিনিওকে ন্যায়িক জিন্মালৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে। বাঘ হত্যাৰে জড়িত আৰু দুজন লোক সম্প্ৰতি পলাতক অৱস্থাত আছে বুলি জানিবলৈ দিছে বন বিভাগে।
মন্তব্য দিয়ক

Your email address will not be published.