শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৫ছেপ্টেম্বৰ : নাগৰ্নো-কাৰাবাখ অঞ্চলক লৈ আৰ্মেনিয়া আৰু আজাৰবাইজানৰ মাজত দীৰ্ঘদিন ধৰি জাতিগত আৰু ভূখণ্ডৰ সংঘাত চলি আহিছে। অঞ্চলটোৰ অধিকাংশ বাসিন্দা আৰ্মেনিয়ান জনগোষ্ঠীয়। আজাৰবাইজানীসকলে ইয়াৰ আশে-পাশে থকা সাতখন জিলাত বাস কৰে। যদিও প্ৰথম নাগৰ্নো-কাৰাবাখ যুদ্ধৰ সময়ত তেওঁলোকক খালী কৰা হৈছিল। আজিৰ পৰা তিনি দশক পূৰ্বে আৰম্ভ হৈছিল এই সংঘাত। দুয়োখন ৰাষ্ট্ৰ পূৰ্বৰ ছোভিয়েট ইউনিয়নৰ অংশ আছিল। ১৯৮৯ চনত ছোভিয়েট ইউনিয়ন ভংগ হোৱাৰ সময়ত নাগৰ্নো-কাৰাবাখ অঞ্চলত আৰ্মেনিয়ান আৰু আজাৰবাইজানীসকলৰ মাজত জাতিগত উত্তেজনা বৃদ্ধি পায়। দুয়োটা সম্প্ৰদায়ে আপোচবিহীন মানসিকতাৰে সংগ্ৰাম অব্যাহত ৰাখিছিল। ইফালে ২০২০ চনত পূৰ্ণাংগ যুদ্ধ আৰম্ভ হয় আৰু আৰ্মেনিয়া প্ৰায় পৰাজিত হয়। শেষত ৰাছিয়াৰ মধ্যস্থতাত সাময়িকভাৱে সংঘাতৰ অন্ত পৰিল। কিন্তু জনগোষ্ঠীয় আৰু আঞ্চলিক সংঘাত অব্যাহত আছে। ১৩ ছেপ্টেম্বৰ মঙলবাৰে আজাৰবাইজানৰ ভিতৰৰ পাহাৰীয়া এনক্লেভত পুনৰ উত্তেজনা সৃষ্টি হয়। এই অঞ্চলটো আৰ্মেনিয়ান বিচ্ছিন্নতাবাদীসকলৰ নিয়ন্ত্ৰণত আছে। আৰ্মেনিয়াৰ প্ৰধানমন্ত্ৰী নিকোল পাছিনিয়ানে দাবী কৰে যে আজাৰবাইজানত নিশা সংঘটিত আক্ৰমণত ৪৯ জন জোৱান নিহত হৈছে, যিটো দুবছৰ পূৰ্বে সংঘাতৰ পিছত সৰ্বাধিক মৃত্যু হোৱা লোকৰ সংখ্যা। আৰ্মেনিয়াই দাবী কৰিছিল যে মাজনিশাৰ কিছু সময়ৰ পিছতে আজাৰবাইজানৰ সৈন্যই গোৰিছ, ছটক আৰু জেৰমুক চহৰত আৰ্মেনিয়াৰ সামৰিক ঘাটিত গোলাবৰ্ষণ আৰম্ভ কৰিছিল। আজাৰবাইজানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে সীমান্তৱৰ্তী জিলা দচকেছান, কেলবাজাৰ আৰু লাচিনৰ ওচৰত আৰ্মেনিয়াই বৃহৎ পৰিমাণৰ বিধ্বংসী কাৰ্য সংঘটিত কৰাৰো অভিযোগ উত্থাপন কৰে। কেইবা সপ্তাহ ধৰি আৰ্মেনিয়াই আজাৰবাইজানৰ সামৰিক ঘাটিত গোলাবৰ্ষণ কৰি আহিছে। বিগত কিছুদিন ধৰি তীব্ৰতৰ হৈ পৰিছে গোলাবৰ্ষণ। আৰ্মেনিয়া আৰু আজাৰবাইজানৰ মাজৰ অনুভূত সীমান্তত গধুৰ অস্ত্ৰ আৰু অস্ত্ৰ সঞ্চয় আৰম্ভ হৈছে। আজাৰবাইজানৰ উপ-বিদেশ মন্ত্ৰী এলনুৰ মামাড’ভে কয় যে নিশাটোৰ ভিতৰতে যিটো ঘটিল সেয়া আজাৰবাইজানৰ স্থিতিৰ বিৰুদ্ধে আৰ্মেনিয়ান সেনাই বৃহৎ পৰিসৰৰ উত্তেজনা। পুনৰ আৰ্মেনিয়াই কেইবা ঘণ্টা ধৰি তীব্ৰ সীমান্ত যুদ্ধৰ অন্তত আন্তঃৰাষ্ট্ৰীয় নেতাসকলৰ ওচৰত সহায়ৰ বাবে আহ্বান জনায়। তেওঁলোকে দাবী কৰিছিল যে আজাৰবাইজানৰ সৈন্যই ইয়াৰ ভূখণ্ড দখল কৰিবলৈ চেষ্টা কৰিছে। ইফালে আৰ্মেনিয়াৰ ঘনিষ্ঠ মিত্ৰ দেশ ৰাছিয়াই দাবী কৰে যে তেওঁলোকে দীৰ্ঘদিনীয়া শত্ৰু দুটাক দ্ৰুত যুদ্ধবিৰতিৰ বাবে সন্মতি দিবলৈ পতিয়ন নিয়াইছে। ককেছাছ অঞ্চলৰ মূল শক্তি ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে এক বিবৃতিত কয়— “আমি আশা কৰিছোঁ যে ৰাছিয়াৰ মধ্যস্থতাৰ ফলত যুদ্ধবিৰতি চুক্তি হ’ব।”