কণী খাবলৈ ভাল পায় আপুনি? জানি লওক লোকচান বেছি নে লাভ বেছি

0 103

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৮ আগষ্ট : প’চ কৰা বা ভজা, আমলেট কৰা বা আধা সিজোৱা কণী— খাই ভাল পায় চাগে আপুনি! ৰন্ধাটোও সহজ। আকৌ পুষ্টিকৰ উপাদানৰেও ভৰপূৰ। এটা কণীত ১৪৩ কেলৰি শক্তি থাকে, প্ৰটিন থাকে ১২.৫৬ শতাংশ। যিসকলে কণী খাই ভাল পায়, তেওঁলোকে এটা সময়ত ৩-৪ টা কণী খাব পাৰে। কিন্তু অত্যধিক কণী কিমান ক্ষতিকাৰক সেই বিষয়ে ধাৰণা আছেনে? পুষ্টিবিদ হিথাৰ হেংকছে কৈছে— ‘‘সাধাৰণতে কণী হৈছে এক অতি স্বাস্থ্যকৰ খাদ্য যিটো দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰি… অৱশ্যে যিকোনো খাদ্যৰ অধিক পৰিমাণে খোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক আৰু কণীও ইয়াৰ ব্যতিক্ৰম নহয়।’’ বেছি কণী আপোনাৰ হৃদয়ৰ বাবে বেয়া। অতিৰিক্ত কণী খালে শৰীৰৰ কি কি সমস্যা হব পাৰে জানো আহক।

* কলেষ্টৰেলৰ মাত্ৰা আকাশলংঘী হ’ব পাৰে
ফিটনেছ প্ৰশিক্ষক তথা লেখক কিয়ৰন নাইটৰ মতে, প্ৰতিদিনে পুৱা দুটাকৈ কণী খালে কলেষ্টেৰলে আপোনাক হত্যা কৰিব পাৰে। এটা কণীত ১৮৬ মিলিগ্ৰাম কলেষ্টেৰল থাকে।

* আপোনাৰ হৃদয় বিপদত পৰিব পাৰে
বেয়া কলেষ্টেৰল আপোনাৰ হৃদযন্ত্ৰৰ বাবে বিপজ্জনক। যিহেতু কণীত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পায়, সেয়েহে অধিক কণী খালে হৃদযন্ত্ৰৰ সমস্যা হ’ব পাৰে। ডাঃ ৰশ্মী বাইকোড়ীয়ে কয় যে সকলোতকৈ বেছি কণীৰ কুহুমে হৃদযন্ত্ৰৰ ক্ষতি কৰে। আকৌ কণী খালে হৃদযন্ত্ৰৰ ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। এই কাৰণেই হৃদৰোগত আক্ৰান্ত লোকসকলক চিকিৎসকে কণীৰ কুহুম নাখাবলৈ পৰামৰ্শ দিয়ে।

* গেছৰ সমস্যা হ’ব পাৰে
কণী খালে যেনেকৈ পেট ফুলা যেন দেখাব পাৰে ঠিক তেনেদৰে পাচনতন্ত্ৰৰো সমস্যাৰ সৃষ্টি কৰিব পাৰে।পুষ্টিবিদ হিথাৰ হেংকছৰ মতে যদি কাৰোবাৰ কণীৰ প্ৰতি এলাৰ্জী থাকে তেন্তে পেট ফুলাৰ পৰা আৰম্ভ কৰি পেটৰ বিষলৈকে গেছলৈকে সকলো অনুভৱ কৰিব। কিন্তু কাৰোবাৰ এলাৰ্জি নাথাকিলে বেছিকৈ কণী খালেও একে সমস্যা হ’ব পাৰে।

* তেজত চেনিৰ মাত্ৰা বৃদ্ধি হ’ব পাৰে
কণী প্ৰাকৃতিক চৰ্বিৰ অন্যতম উত্তম উৎস। এই চৰ্বিয়ে তেজত ইনচুলিন প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ফলত আমাৰ পেনক্ৰিয়াছে অধিক ইনচুলিন উৎপন্ন কৰে। ফলত তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি পায়। এক অধ্যয়নত দেখা গৈছে যে অত্যধিক কণী খালেও টাইপ ২ ডায়েবেটিছ হ’ব পাৰে।

প্ৰশ্ন হয়— এজন সুস্থ ব্যক্তিয়ে কিমান কণী খাব লাগে? পুষ্টিবিদসকলৰ মতে, যিসকল লোকে দৈনিক ব্যায়াম নকৰে বা শাৰীৰিক ক্ৰিয়া-কলাপ নকৰে তেওঁলোকে কেতিয়াও দিনটোত দুটাতকৈ বেছি কণী খাব নালাগে। আকৌ অতি গৰমৰ দিনত এটাতকৈ বেছি কণী খাব নালাগে।

মন্তব্য দিয়ক

Your email address will not be published.