শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২১ নবেম্বৰঃ ষাঠিৰ দশকৰ তেজপুৰৰ এগৰাকী প্ৰখ্যাত সংগীত শিল্পী, সুৰকাৰ তথা প্ৰসিদ্ধ কন্ঠ শিল্পী বিপুল বাহাদুৰ আৰু নাই। সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, ৰুদ্ৰ বৰুৱা, মুকুল বৰুৱা আৰু তেজপুৰৰ প্ৰসিদ্ধ সংগীত শিল্পী অজিত সিংহৰ সৈতে সুকীয়া শৈলীৰে সংগীতত অংশ কৰাই নহয় হাৰমনিয়ামত যাদুকৰী হাতেৰে সমগ্ৰ ৰাজ্যবাসীৰ মাজতে দক্ষ সংগীত শিল্পী হিচাপে পৰিগণিত শিল্পী গৰাকী আজি পুৱতি নিশা পৰলোকপ্ৰাপ্তি ঘটা সংবাদৰ পিছতে সমগ্ৰ ৰাজ্যখনত সংগীত ক্ষেত্ৰখন ম্ৰীয়মান হৈ পৰিছে। তেজপুৰৰ কলিবাৰীত জন্ম গ্ৰহণ কৰা জনপ্ৰিয় সংগীত শিল্পীগৰাকী দীৰ্ঘদিন ধৰি গুৱাহাটীৰ ৰুক্মিণী গাঁৱৰ বিবাহিতা জেষ্ঠ কন্যাৰ বাসগৃহত বাৰ্দ্ধক্যজনিত ৰোগত চিকিৎসাধীন হৈ থকাৰ পিছত আজি পুৱতি নিশা প্ৰায় ৪-৩০ বজাত কন্যাৰ বাসগৃহতে ৭৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। হাৰমনিয়াম বাদনত বিশেষ দক্ষতা থকা বিপুল বাহাদুৰে ষাঠিৰ দশকতে তেজপুৰৰ আন এগৰাকী প্ৰসিদ্ধ সংগীত শিল্পী অজিত সিংহৰ সৈতে সেই সময়ত বিভিন্ন সমবেত সংগীত আৰু আকৰ্ষণীয় নৃত্য নাটিকা পৰিচলনা কৰি এক বিশেষ সুৰীয়া – সাংগীতিক পৰিবেশৰ সূচনা কৰা আৰু প্ৰখ্যাত কন্ঠ শিল্পী অঞ্জু দেৱীৰ ভাতৃ বিপুল বাহাদুৰে বহু কালজয়ী মেলদী ভৰা গীতত কন্ঠদানো কৰিছিল। আনহাতে তেজপুৰ একাডেমীত স্কুলীয়া শিক্ষা গ্ৰহণ কৰি থকাৰ সময়তে সেইসময়ত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা স্কুল টুৰ্নামেন্ট সমুহত তেজপুৰ একাডেমীৰ পৰা যোগদান কৰি সংগীত বিভাগৰ সকলো পদকে কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। এচ আই বিত কৰ্ম জীৱন আৰম্ভ কৰি কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ পদত থকাৰ পাছতো সংগীত ক্ষেত্ৰখনত একাগ্ৰচিত্তে জড়িত হৈ বহু কালজয়ী গীত, নৃত্য নাটিকা আদি পৰিচালনা কৰা আৰু সুৰাৰোপিত কৰা বিপুল বাহাদুৰৰ সংগীত পৰিচালনাতে বিষ্ণুপ্ৰসাদ ৰাভা বটা প্ৰাপক প্ৰয়াত শান্তি শংকৰ দাসগুপ্ত বিভিন্ন অনুষ্ঠানত নৃত্য পৰিৱেশন কৰি সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল।এইগৰাকী শিল্পীৰ পৰলোকপ্ৰাপ্তিত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, প্ৰাক্তন বিধায়ক বৃন্দাবন গোস্বামী,সাংসদ পল্লৱ লোচন দাস এমট্ৰণৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মা, এসময়ৰ সংগীতৰ সতীৰ্থ তথা বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা, জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ লিখন শৰ্মা, জ্যোতি ভাৰতীৰ ভাৰপ্ৰাপ্ত বিষয়া তথা জিলা সাংস্কৃতিক উন্নয়ন বিষয়া জিতেন কুমাৰ দাস, শোণিতপুৰ শিল্পী সমাজৰ সভাপতি বীৰেন্দ্ৰ কুমাৰ বৰা, অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপসভাপতি মৃগেন চন্দ্র বড়া, সাংস্কৃতিক অনুষ্ঠান চাতকৰ সভাপতি অনিল কুমাৰ ভট্টাচাৰ্য, তেজপুৰ সাহিত্য সভা, শোণিতপুৰ জিলা সাহিত্য সভা, তৰুণ অসম সংঘ, অসমীয়া ক্লাব, শোণিতপুৰ প্ৰেছ ক্লাব, শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়ন, তেজপুৰ জনসাংস্কৃতিক পৰিষদৰ সভাপতি ৰাজু বৰুৱা, তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থা আদিয়ে গভীৰ শোক প্ৰকাশ কৰি পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।