ক’ভিডক লৈ নতুন এছ অ’পিৰ প্ৰয়োজন নাই : মুখ্যমন্ত্ৰী শৰ্মা

পৰিয়ালক একাষৰীয়া কৰি আলফাত  যোগদান কৰাসকলক আলফা স্বাধীনে নিজে বাধা দিব লাগে

0 36
শতাব্দ প্ৰতিনিধি চৰাইদেউ, ১ মে’ : নিজৰ পত্নী, সন্তান তথা বৃদ্ধ পিতৃ-মাতৃক ঘৰত এৰি থৈ আলফাত যোগদান কৰা মানুহক আলফা স্বাধীনে নিজে বাৰণ কৰিব লাগে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। নিজৰ ভৱিষ্যতৰ লগতে ঘৰ-পৰিয়ালৰ সদস্যসকলক অন্ধকাৰত ৰাখি আলফা স্বাধীনত যোগদান কৰাতকৈ অসমতে থাকি অসম আৰু অসমীয়াৰ স্বাৰ্থত কাম কৰাহে উচিত। সেয়েহে এই ব’হাগতে চৰকাৰৰ লগত আলোচনাত বহিবলৈ আলফা স্বাধীনৰ প্ৰতি আহ্বান জনাইেছ মুখ্যমন্ত্ৰীয়ে। শিৱসাগৰ আৰু চৰাইদেউ জিলালৈ দুদিনীয়া কাৰ্যসূচীৰে অহা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি সোণাৰিত উপস্থিত হৈ এই মন্তব্য কৰে। আনহাতে ক’ভিড সম্পৰ্কীয় কথা-বতৰাবোৰ এৰি চলিবলৈ সকলোকে আহ্বান জনোৱাৰ লগতে এতিয়া ক’ভিড সম্পৰ্কীয় নীতি-নিৰ্দেশনা দিয়াৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। ক’ভিডৰ বাবে যোৱা দুটা বছৰত ৰাজ্যৰ চৰকাৰ তথা সকলো শ্ৰেণীৰ লোকেই অধিক ক্ষতিগ্ৰস্ত হল। এতিয়া ৰাজ্যৰ অৰ্থনীতি টনকিয়াল কৰাহে দৰকাৰ। গতিকে সকলোৱে অৰ্থনৈতিক ভেটি শক্তিশালী কৰাত গুৰুত্ব দিব লাগে বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই। উল্লেখ্য যে, সোণাৰিৰ ৰজাপুখুৰীত নিৰ্মীয়মান চৰাইদেউ মেডিকেল কলেজৰ কাম-কাজৰ অগ্ৰগতি সন্দৰ্ভত বুজ লবলৈ আজি আহি উপস্থিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। চৰাইদেউ মেডিকেল কলেজৰ নিৰ্মাণস্থলী পৰিদৰ্শন কৰাৰ লগতে এক পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি ২০২৪ চনৰ শেষৰফালে চৰাইদেউ মেডিকেল কলেজ মুকলি কৰিব পৰা হ’ব বুলি মন্তব্য কৰে । মুখ্যমন্ত্ৰী গৰাকীৰ লগত আজি ৰাজ্যৰ ৰাজহ মন্ত্ৰী যোগেন মহন, শক্তি মন্ত্ৰী বিমল বড়া, যোৰহাটৰ সাংসদ তপন কুমাৰ গগৈ, সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, থাওৰাৰ বিধায়ক সুশান্ত বুঢ়াগোহাঁই, নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈৰ লগতে বহু কেইগৰাকী উচ্চ পদস্থ বিষয়া উপস্থিত থাকে।

মন্তব্য দিয়ক

Your email address will not be published.