কভিড পৰীক্ষাত বৃহৎ সফলতা

মাত্ৰ এঘণ্টাত ধৰা পৰিব ভাইৰাছৰ ভেৰিয়েণ্ট

0 43

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ জুলাই : ভাৰতকে ধৰি বিশ্বৰ বহু দেশত যোৱা কেইদিনমানৰ পৰা কৰ’নাৰ সংক্ৰমণ দ্ৰুতগতিত বিয়পি পৰিছে আৰু বহু দেশত অমিক্ৰন ভেৰিয়েন্টৰ উপ-ভেৰিয়েন্টৰো আবিৰ্ভাৱ হৈছে। ইফালে, বিশেষজ্ঞসকলে আৱিষ্কাৰ কৰিছে কভিড-১৯ পৰীক্ষাৰ এক নতুন পদ্ধতি। যিটোৱে মাত্ৰ এঘণ্টাৰ ভিতৰতে ধৰা পেলাব কৰ’না ভাইৰাছ। RTPCR পৰীক্ষাত কভিড-১৯ চিনাক্ত কৰিবলৈ প্ৰায় ২৪ ঘণ্টা সময় লাগে। আনকি কোনটো উপ-প্ৰজাতি বা ছাব ভেৰিয়েণ্টত আক্ৰান্ত হৈছে, সেইটো জানিবলৈ কেইবাদিনো সময় লাগে। আমেৰিকাৰ বিজ্ঞানীসকলে ক’ৰনা ভাইৰাছৰ বৰ্তমানৰ সকলো প্ৰকাৰ ক্ষিপ্ৰ আৰু সঠিকভাৱে চিনাক্ত কৰিবলৈ নতুন পৰীক্ষণ পদ্ধতি উদ্ভাৱন কৰিছে। এই পৰীক্ষাৰ নাম CoVarScan, যিয়ে মাত্ৰ এঘণ্টাৰ ভিতৰতে সকলো ধৰণৰ SARS-CoV-2 ধৰা পেলাব পাৰে। ইউনিভাৰ্চিটি অৱ টেক্সাছ চাউথৱেষ্টাৰ্ণ মেডিকেল চেণ্টাৰৰ গৱেষকসকলে ৪০০০ৰো অধিক ৰোগীৰ পৰা সংগ্ৰহ কৰা নমুনা পৰীক্ষা কৰে। বিজ্ঞানীসকলে দাবী কৰিছে যে, CoVarScan-এ সকলো ধৰণৰ কৰ’না ভাইৰাছ সঠিকভাৱে ধৰা পেলাব পাৰে। চাউথৱেষ্টাৰ্ণ মেডিকেল চেণ্টাৰৰ সহকাৰী অধ্যাপক তথা অধ্যয়নৰ জ্যেষ্ঠ লেখক জেফ্ৰি ছ’ৰেলে কয় যে, এই পৰীক্ষা পদ্ধতি ব্যৱহাৰ কৰি আমি ক্ষিপ্ৰতাৰে নিৰ্ণয় কৰিব পাৰিম যে Covid-19ৰ কোনটো ভেৰিয়েণ্টে মানুহক সংক্ৰমিত কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.