কম্বোডিয়াত চীনৰ গোপন সামৰিক ঘাটি

২০১৯ চনতে হৈছিল দ্বিপাক্ষিক চুক্তি!

0 21

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ জুন : চীনে কম্বোডিয়াত সামৰিক ব্যৱহাৰৰ বাবে নৌসেনাৰ সুবিধা হোৱাকৈ পৰিকাঠামো নিৰ্মাণ কৰি আছে; যিটো দেশখনে বহিঃৰাষ্ট্ৰত নিৰ্মাণ কৰা দ্বিতীয়টো এনে ঘাটি। দ্য ৱাশ্বিংটন পোষ্টৰ বাতৰি অনুসৰি এই সামৰিক ব্যৱস্থা থাকিব কম্বোডিয়াৰ ৰিম নৌসেনা ঘাটিৰ উত্তৰ অংশত, থাইলেণ্ড উপসাগৰত। পূব আফ্ৰিকাৰ দেশ জিবুটিত নৌসেনাৰ বাবে সুবিধা কৰাৰ পিছত এইটো চীনৰ আন এক বিদেশী সামৰিক ঘাটি। এনে ঘাটিসমূহে সামৰিক বাহিনী নিয়োগ কৰিব পাৰে আৰু আমেৰিকাৰ সেনাৰ চোৰাংচোৱা নিৰীক্ষণ কৰিব পাৰে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। ইয়াৰ উপৰি কাকতখনত প্ৰকাশ যে, নতুন নৌসেনা ঘাটিটো বেইজিঙৰ প্ৰকৃত বিশ্ব শক্তি হোৱাৰ আকাংক্ষাৰ সমৰ্থনত বিশ্বজুৰি সামৰিক সুবিধাৰ নেটৱৰ্ক গঢ়ি তোলা কৌশলৰ অংশ। আমেৰিকাৰ বিষয়া আৰু বিশ্লেষকসকলে জনোৱা মতে, দেশখনত বৃহৎ নৌসেনাৰ জাহাজ ৰাখিব পৰা সুবিধা কৰাটো অঞ্চলটোত চীনৰ নিজৰ প্ৰভাৱ বিস্তাৰ কৰাৰ উচ্চাকাংক্ষাৰ এক গুৰুত্বপূৰ্ণ অংশ হ’ব। ২০১৯ চনত প্ৰকাশিত দ্য ৱাল ষ্ট্ৰীট জাৰ্নেলৰ এক প্ৰতিবেদন মতে, চীনে নিজৰ সেনাক এই ঘাটি ব্যৱহাৰ কৰিবলৈ অনুমতি দিবলৈ এক গোপন চুক্তিত স্বাক্ষৰ কৰিছিল। অৱশ্যে দুয়োখন দেশেই এই প্ৰতিবেদন অস্বীকাৰ কৰিছিল। সেই সময়ত কম্বোডিয়াৰ প্ৰধানমন্ত্ৰী হুন চেন আৰু চীনৰ প্ৰতিৰক্ষা মন্ত্ৰালয় দুয়োপক্ষই এই বাতৰি খাৰিজ কৰিছিল।

মন্তব্য দিয়ক

Your email address will not be published.