লখিমপুৰ, ১৩ জুলাইঃ ‘বিভিন্ন শক্তিয়ে বিচ্চিন্নতাক পোষকতা কৰাৰ সময়তে নৰ্থ লখিমপুৰ কলেজ আৰু ছেইণ্ট প’লচ কেথেড্ৰেল মিছন কলেজে বংগ-অসম সম্পৰ্কক বৌদ্ধিকভাৱে বলিষ্ঠ কৰি তুলিছে। এয়া সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন।’ – এই মন্তব্য বিশিষ্ট শিক্ষাবিদ গৱেষক ড॰ শ্বেখ মকবুল ইচলামৰ। তেওঁ কলকাতাত এখন গ্ৰন্থ উন্মোচনী সভাত সঞ্চালকৰ আসনৰপৰা এইদৰে কয়। কালি কলকাতাৰ ছেইণ্ট প’লচ কেথেড্ৰেল মিছন কলেজৰ সভাগৃহত নৰ্থ লখিমপুৰ কলেজৰ গৱেষক পূবালী বৰা আৰু শোভাকৃষ্ণা ফুকনৰ দুখন গ্ৰন্থ উন্মোচন কৰা হয়। ছেইণ্ট প’লচ কেথেড্ৰেল মিছন কলেজ আৰু নৰ্থ লখিমপুৰ কলেজৰ যৌথ উদ্যোগত উক্ত গ্ৰন্থ দুখন প্ৰকাশ কৰা হৈছে। শোভাকৃষ্ণাৰ ‘অসমীয়া সাহিত্যৰ পুৰাকথা, ব্যংগ আৰু অন্যান্য প্ৰসঙ্গ’ নামৰ গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট অনুবাদক বাসুদেৱ দাসে। পূবালী বৰাৰ ‘সাহিত্য আৰু সংস্কৃতি অধ্যয়ন’ নামৰ গ্ৰন্থখন উন্মোচন কৰে উক্ত কলেজৰ বাংলা বিভাগৰ প্ৰাক্তন মুৰব্বী বিনায়ক ভট্টাচাৰ্যই। ভাষণ প্ৰসঙ্গত বাসুদেৱ দাসে কয় যে, এই দুয়োখন মহাবিদ্যালয়ে যি অনন্য পদক্ষেপ লৈছে, সেয়া অভূতপূৰ্ব। সভাখনত¸ আদৰণি ভাষণ প্ৰদান কৰে ছেইণ্ট প’লচ কেথেড্ৰেল মিছন কলেজৰ অধ্যাপক ড॰ শুভেন্দু কাঞ্জীলালে। সভাত গীত পৰিৱেশন কৰে সমাজতত্ত্ব বিভাগৰ সহকাৰী অধ্যাপিকা অনিন্দিতা সৰকাৰে। দুয়োখন কলেজে ২০১৯ চনত সম্পন্ন কৰা বুজাবুজিৰ চুক্তিৰ জৰিয়তে হোৱাবিভিন্ন কাৰ্যাৱলী আৰু ভৱিষ্যৎ কাৰ্যপন্থা সম্পৰ্কে আলোচনা কৰে ক্ৰমে ড॰ অৰবিন্দ ৰাজখোৱা, ড॰ ঋতজা ভট্টাচাৰ্য, মুনমী দত্ত, ড॰ ধীৰাজ পাটৰ, প্ৰমা পাল, ড॰ শুভদীপ সৰকাৰ আদিয়ে। এই আলোচনাৰ অন্তত ২০২৩ চনত মধ্যযুগৰ ভাৰতীয় ভক্তি আন্দোলন বিষয়ক এখন ৰাষ্ট্ৰীয় আলোচনা-চক্ৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।