কলম্বিয়াৰ ম’ছকুৰাত অলিয়ে-গলিয়ে, ঘৰৰ দুৱাৰে-পদুলিয়ে শুকুলা ফেনিল ডাৱৰৰ সদৃশ পদাৰ্থ

0 58
শতাব্দ বিশেষ প্ৰতিনিধি, ১ মে’: যোৱা বৃহস্পতিবাৰে কলম্বিয়াৰ ৰাজধানী ব’গটাৰ পৰা ২২ কিলোমিটাৰ নিলগৰ ম’ছকুৰা নামৰ নগৰখনৰ অলিয়ে-গলিয়ে, ঘৰৰ দুৱাৰে-পদুলিয়ে শুকুলা ফেনিল ডাৱৰৰ দৰে কিছু পদাৰ্থৰ আৱিৰ্ভাৱে হঠাতে অধিবাসীসকলৰ মাজত বিভীষিকাৰ সৃষ্টি কৰিছিল। ভয়ত বিতত হৈ নগৰখন হৈ পৰিছিল জনশূন্য। বতাহৰ গতি বৃদ্ধিৰ লগে লগে অসহ্য দুৰ্গন্ধৰে ভৰা ডাৱৰ সদৃশ এই পদাৰ্থবিধে ক্ষন্তেকতে নগৰখন আৱৰি ধৰাত বহুতো লোক নগৰখনৰ পৰা পলায়ন কৰিবলৈ বাধ্য হৈছিল।
নগৰখনৰ কাষেদিয়েই প্ৰবাহিত হোৱা বলছিলাছ নামৰ নদীখনৰ জলপৃষ্ঠৰ পৰা উদ্ভৱ হোৱা এই ফেনিল ডাৱৰসমূহ আছিল প্ৰকৃততে ৰাসায়নিক পদাৰ্থ মিশ্ৰিত। কোনো এটা ঔদ্যোগিক অঞ্চলৰ পৰা বিষাক্ত ৰাসায়নিক দ্ৰব্য বিশেষকৈ ডিটাৰজেণ্ট জাতীয় পদাৰ্থ মিহলি পানী নদীখনত পেলোৱাৰ ফলতে এনে ধৰণৰ এটা পৰিঘটনা সৃষ্টি হোৱাৰ কথা অনুসন্ধানত পোহৰলৈ আহিছে। ইয়াৰ সংস্পৰ্শলৈ অহা লোকসকলে পাছত চকুৰ পোৰণি, শ্বাস-প্ৰশ্বাসত অসুবিধা ইত্যাদি অনেক উপসৰ্গৰ সন্মুখীন হ’বলগীয়া হৈছে। বিশেষকৈ শিশুসকল অধিক পৰিমাণে আক্ৰান্ত হোৱাৰ বাতৰি পোৱা গৈছে। উল্লেখযোগ্য যে, দুবছৰমানৰ পূৰ্বে এই ঔদ্যোগিক অঞ্চলটোত বিষাক্ত পানী পৰিশোধনৰ বাবে এটা এফ্লুৱেণ্ট ট্ৰিটমেণ্ট প্লাণ্ট স্থাপন কৰিছিল যদিও ইয়াৰ পৰা কোনো সুফল স্থানীয় লোকসকলে লাভ কৰা নাই। বৰষুণৰ সময়ত এনে ঘটনাৰ প্ৰকোপ যথেষ্ট বৃদ্ধি পাই বুলি জনসাধাৰণে অভিযোগ উত্থাপন কৰিছে।
মন্তব্য দিয়ক

Your email address will not be published.