কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা সোঁৱৰণী সদৌ অসম ভিত্তিক একাংক নাট প্ৰতিযোগিতা শুভাৰম্ভ

তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ নৱ নিৰ্মিত মূল তোৰণ উন্মোচন

0 17
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২ জুলাইঃ তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰক আগন্তুক দুটা বছৰৰ ভিতৰত অধিক বিজ্ঞান সন্মত ভাবে অত্যাধুনিক ৰূপত গঢ়ি তোলা হ’ব বুলি আজি বিয়লি বাণ থিয়েটাৰত মন্তব্য কৰে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই। উল্লেখ্য যে, বাণ থিয়েটাৰৰ প্ৰয়াত অতনু বৰুৱা সোঁৱৰণী নৱ নিৰ্মিত মূল তোৰণখন এক মাংগলিক পৰিৱেশত উন্মোচন কৰে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই। আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা সোঁৱৰণী সদৌ অসম ভিত্তিক একাংক নাট প্ৰতিযোগিতাৰ পূৰ্বে আয়তীৰ মংগল উৰুলি দবা বাদনৰ মাজত অতি আকৰ্ষণীয়কৈ নিৰ্মাণ কৰা মূল তোৰণখন ফিটা কাটি উন্মোচন কৰাৰ পিছত অনুষ্ঠিত বিশেষ উন্মোচনী অনুষ্ঠানত উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই সংস্কৃতিৰ নগৰী হিচাপে পৰিগণিত তেজপুৰৰ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ স্বৰূপ বাণ থিয়েটাৰৰ এক বিশেষ ইতিহাস আছে বুলি মন্তব্য কৰি এই ইতিহাসক জাউতিযুগীয়া কৰিবলৈ বাণ থিয়েটাৰক অধিক বিজ্ঞান সন্মত ভাবে গঢ়ি তোলাৰ বাবে ইতিমধ্যে অসম চৰকাৰে বিশেষ তৎপৰতা গ্ৰহণ কৰিছে আৰু তেনে তৎপৰতাৰ বাবেই আগন্তুক দুটা বছৰৰ ভিতৰত ইয়াক জাকত জিলিকা কৰি গঢ়ি তুলিবলৈ নিজাববীয়াকৈ প্ৰচেষ্টা হাতত ল’ব বুলি মন্তব্য কৰে। বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য পংকজ বৰুৱাই আঁত ধৰা এই উন্মোচনী অনুষ্ঠানতে তোৰণখনৰ দাতা খগেন বৰুৱা আৰু ইন্দ্ৰেশ্বৰী দেৱীক বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰীয়ে একোখনকৈ গামোচাৰে সন্মান জনায়। উল্লেখ্য যে, বাণ থিয়েটাৰৰ অতি নিষ্ঠাবান সদস্য খগেন বৰুৱাৰ পুত্ৰ অতনু বৰুৱা ২০০১৪ চনত এক পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটি লৈছিল। উন্মোচনী অনুষ্ঠানটিত অতনুৰ মাতৃ ইন্দ্ৰেশ্বৰী দেৱীয়ে পুত্ৰৰ স্মৃতি ৰোমন্থন কৰি এই স্মৃতি জাউতিযুগীয়া কৰিবলৈকে বাণ থিয়েটাৰৰ দৰে অনুষ্ঠানৰ মূল তোৰণখন নিৰ্মাণ কৰা হয় বুলি কৈ এই তোৰণখন নিৰ্মাণৰ বাবে প্ৰয়াত বিধায়ক ৰাজেন বৰঠাকুৰে উদ্বুদ্ধ কৰিছিল বুলি কৈ এক আবেগিক পৰিৱেশৰ সৃষ্টি কৰে। ইয়াৰ পিছতেই আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হোৱা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা সোঁৱৰণী সদৌ অসম ভিত্তিক একাংক নাট প্ৰতিযোগিতা আনুষ্ঠানিক ভাবে উদ্বোধন কৰে প্ৰবীণ মঞ্চ আৰু চলচ্চিত্ৰ অভিনেত্ৰী বুলু বৰাই। বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা, উপসভাপতি ভৱানন্দ দাস, দিলীপ বৰা, সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰী, সাধাৰণ পৰিচালক ভূপেন শৰ্মাৰ উপস্থিতিত বৰ্ষীয়ান অভিনেত্ৰী বুলু বৰাই নিজৰ অভিনয়ৰ জীৱনৰ স্মৃতি ৰোমন্থন কৰি বাণ থিয়েটাৰত অভিনয় কৰা বহু দিশ, নটসূৰ্য, কলাগুৰুৰ সান্নিধ্যৰ স্মৃতি সদৰী কৰি “শকুনিৰ প্ৰতিশোধ”, আৰু “লালুকসোলা” নাটকৰ সংলাপ আওৰাই বাণ থিয়েটাৰৰ প্ৰেক্ষাগৃহ জীপাল কৰি তোলে। উদ্বোধনী অনুষ্ঠানৰ মাজতে সদৌ অসম ভিত্তিক একাংক নাট প্ৰতিযোগিতাৰ তিনি বিচাৰক ক্ৰমে বিশিষ্ট অভিনেতা-পৰিচালক মৃদুল চুতীয়া, বিশিষ্ট চলচ্চিত্ৰ পৰিচালক কৃপাল কলিতা আৰু প্ৰগতিশীল নাট্যশিল্পী অমৃত বৰগোঁহাইক বাণ থিয়েটাৰৰ পৰিয়ালৰ তৰফৰ পৰা একোখনকৈ গামোচাৰে সন্মান জনোৱা হয়। উল্লেখ্য যে আজি প্ৰথম দিনটোত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ১১ টা নাট্য দলে নাট প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰে।
মন্তব্য দিয়ক

Your email address will not be published.