কহুঁৱা-বিৰিণাই ছানি ধৰিছে বিধায়ক মানৱ ডেকাৰ সপোনৰ আঁচনিত

৩১ লাখ টকীয়া বৃক্ষ ৰোপণ আঁচনিৰ নামত চূড়ান্ত প্ৰহসন

0 31

১৪ লাখ টকা ওলাই যোৱাৰ পিছতো ৰাজগড় বঙালীত নাই গছপুলি
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৯ নৱেম্বৰঃ অসম-অৰুণাচল সীমান্তৱৰ্তী কাকৈৰ ৰাজগড় বঙালীত যোৱা ২৭-০৭-২০২১ তাৰিখে লখিমপুৰৰ বিধায়ক মানৱ ডেকাই এখন বৃক্ষ ৰোপণ আঁচনি শুভ উদ্বোধন কৰিছিল৷ লখিমপুৰ উন্নয়ন খণ্ডৰ জৰিয়তে ৰূপায়ণ কৰিবলৈ লোৱা এই ‘ব্লক প্লেণ্টেচন উইথ বাউণ্ডেৰী ফেন্সিং এণ্ড ৱাটাৰ কনজাৰভেচন এচ ৰাজগড় বঙালী’ নামৰ আঁচনিখন এতিয়া একপ্ৰকাৰে প্ৰহসনত পৰিণত হৈছে৷ সেইদিনা বিধায়কজনে এই আঁচনিখনৰ কামৰ শুভাৰম্ভ কৰি এই আঁচনিখন তেওঁৰ সপোনৰ আঁচনি হ’ব বুলি উল্লেখ কৰিছিল৷ পৰিতাপৰ কথা যে এই আঁচনিখনত এতিয়া গছ বনে ছানি ধৰাৰ লগতে বৃক্ষৰোপণ স্থলীত কঁহুৱা বিৰিণাই আৱৰি ধৰিছে৷ আঁচনিখন ৰূপায়ণৰ নামত তিনিটা পুখুৰী খন্দা হ’ল যদিও এই পুখুৰীকেইটাৰ পাৰত সৌন্দৰ্য বৰ্ধনৰ কোনো ব্যৱস্থা নকৰাত এতিয়া পুখুৰীৰ পাৰত গছ গছনি, কঁহুৱা বিৰিণাই আৱৰি ধৰাৰ লগতে বৃক্ষৰোপণৰ অস্তিত্ব নাই বুলি কব পাৰি৷ উল্লেখনীয় কথা যে উক্ত আঁচনিৰ নামত বৃক্ষৰোপণ তথা জব কাৰ্ড শ্ৰমিকৰ নামত কেবা লাখ টকা ওলাই যোৱাৰ বিপৰীতে চৌহদ বেৰাৰ নামতো প্ৰায় ৬ লাখ টকা ওলাই যায়৷ এনে বৃহৎ ধনৰাশি ওলাই যোৱাৰ পিছতো অদ্যাপি চৌহদ বেৰা নিৰ্মাণৰ কাম সম্পূৰ্ণ নহ’ল৷ এনৰেগা আঁচনিৰ অধীনত ৰূপায়ণ হোৱা এই আঁচনিখন এতিয়া একপ্ৰকাৰে প্ৰহসনত পৰিণত হৈছে৷ এইক্ষেত্ৰত লখিমপুৰ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ সংশ্লিষ্ট বিষয়া কৰ্মচাৰীৰ ভূমিকাও ৰহস্যজনক৷ দুয়োখন ৰাজ্যৰ সীমান্তত নিৰ্মাণ কৰিবলৈ লোৱা এনে এখন অভিলাষী আঁচনি বিধায়কে শুভাৰম্ভ কৰা পিছতো উক্ত আঁচনি ৰূপায়ণৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ নোলোৱা কাৰ্যয়ো একাংশ স্থানীয় লোকক অসন্তুষ্ট কৰি তুলিছে৷ উল্লেখনীয় কথা যে বাউণ্ডেৰী ৱাল তথা চৌহদ বেৰাৰ নিৰ্মাণ কাৰ্যও আঁচনি ৰূপায়ণৰ লগত জড়িত সকলে সম্পূৰ্ণ নকৰিলে৷ সন্মুখৰ অংশত চৌহদ বেৰাৰ ওপৰত ফেন্সিং দিলে যদিও পিছফালৰ তথা নদী কাষৰ অংশৰ ফালে চৌহদ বেৰা তেনেই চাপৰ হৈ থকাৰ লগতে সেই অংশত এই পৰ্যন্ত ফেন্সিংৰ ব্যৱস্থা নকৰিলে৷ ৰাজগড় বঙালীত এতিয়া এই অভিলাষী আঁচনিখন একপ্ৰকাৰে বগা হাতীত পৰিণত হ’ল৷

মন্তব্য দিয়ক

Your email address will not be published.