কাকৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ মেধাবী শিক্ষাৰ্থীক সম্বৰ্ধনা

প্ৰাক্তন ছাত্ৰই প্ৰদান কৰিলে নগদ ধনৰ পুৰস্কাৰ

1 425

উত্তৰ লখিমপুৰ, ২৫ জুনঃ আজি কাকৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত ২০২২ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা উদ্দেশ্যে এখনি সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। বিদ্যালয়খনৰ পৰিচালনা সমিতি সভাপতি ৰামনাথ হাজৰিকাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত বিদ্যালয়খনৰ নাম উজ্জ্বল কৰা প্ৰথম বিভাগত উৰ্ত্তীণ বাৰগৰাকীকৈ শিক্ষাৰ্থীক বিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা পত্ৰ আৰু একোখনকৈ গ্ৰন্থ প্ৰদানেৰে সম্বৰ্ধনা জনোৱা হয়। তাৰে দুগৰাকী ছাত্ৰীয়ে ষ্টাৰ মাৰ্কসহ উত্তীৰ্ণ হোৱাৰ লগতে কেইবাগৰাকী ছাত্ৰীয়ে ভিন্ন বিষয়ত লেটাৰ নম্বৰ লাভ কৰিছে। সৰ্বমুঠ উত্তীৰ্ণ হাৰ ৯৬% হোৱা বিদ্যালয়খনৰ ফলাফল বিগত বৰ্ষবোৰতকৈ ভাল হৈ অহাত শিক্ষক-শিক্ষয়িত্ৰীসকল আৰু স্থানীয় ৰাইজ যথেষ্ট উৎসাহিত হৈছে। অঞ্চলটোৰ এজন উদ্যোগী যুৱক তথা বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ ৰতন গগৈয়ে বিদ্যালয়ৰ পৰা সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত প্ৰথম দুগৰাকী ছাত্ৰী ক্ৰমে কাশ্মিৰী বৰা আৰু দ্বীপজ্যোতি গগৈক পাঁচ হাজাৰকৈ নগদ ধন পুৰস্কাৰ হিচাপে আগবঢ়োৱা লগতে প্ৰথম বিভাগ প্ৰাপ্ত অন্য দহগৰাকীকো এহেজাৰ টকাকৈ আগবঢ়ায়। বিদ্যালয়ৰ প্ৰাক্তন শিক্ষয়িত্ৰী নিলী গগৈয়ে তেখেতৰ জ্যেষ্ঠ ভাতৃ  প্ৰয়াত সোণাৰাম গগৈ সোঁৱৰণত সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত ছাত্ৰী কাশ্মিৰী বৰাক সম্বৰ্ধনা পত্ৰ আৰু নগদ ধন প্ৰদান কৰে। বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক হৰেন বৰাই তেখেতৰ কনিষ্ঠ ভাতৃ প্ৰয়াত জগত গগৈ সোঁৱৰণত গণিত বিষয়ত সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত ছাত্ৰ মহেন্দ্ৰ গগৈক নগদ ধনেৰে পুৰস্কৃত কৰে। উল্লেখযোগ্য যে মহেন্দ্ৰ গগৈয়ে সাধাৰণ গণিত আৰু উচ্চ গণিত দুয়োটা বিষয়তে লেটাৰ নম্বৰ লাভ কৰিছে। লেটাৰ নম্বৰ লাভ কৰা প্ৰতি গৰাকী শিক্ষাৰ্থীকে বিষয় শিক্ষক-শিক্ষয়িত্ৰীয়ে নগদ ধন, কিতাপৰ টোপোলা আদিৰে সম্বৰ্ধনা জনায়। সভাপতি ৰামনাথ হাজৰিকাই শিষ্যক উৎসাহিত কৰিবৰ বাবে গুৰুৱে লোৱা এই প্ৰচেষ্টাক আন্তৰিকতাৰে শলাগ লয়। সভাতে তেখেতৰ লগতে অন্য কেইবাগৰাকী ব্যক্তিয়ে উপহাৰ প্ৰদান কৰি ছাত্ৰ -ছাত্ৰীসকলক উৎসাহিত কৰে। কাকৈ উচ্চ মাধ্যমিক বিদ্যালয়ক শৈক্ষিকভাৱে আগবঢ়াই নিবলৈ সকলোৱে গ্ৰহণ কৰা আন্তৰিক প্ৰচেষ্টাৰ শলাগ লয় বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মোহিনী শইকীয়াই। জ্যেষ্ঠ শিক্ষক কৃষ্ণকান্ত স্বৰ্গীয়াৰীয়ে আঁত ধৰা অনুষ্ঠানটোত বহুকেইজন প্ৰাক্তন ছাত্ৰ-ছাত্ৰী লগতে অভিভাৱকৰ উপস্থিতিয়ে অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

১ টা মন্তব্য
  1. শিখাজ্যোতি কোঁৱৰ says

    ধন্যবাদ শতাব্দলৈ।

মন্তব্য দিয়ক

Your email address will not be published.