শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ জুন : কিউহি ফুলৰ দেশ ক’হিমালৈকে চলিব ৰে’লগাড়ী। ব্ৰডগজ ৰে’ল সংযোগেৰে সকলো উত্তৰ-পূবৰ ৰাজধানীসমূহ সংযোগ কৰাৰ বাবে চৰকাৰৰ অভিলাষী পৰিকল্পনাৰ অংশ হিচাপে উত্তৰ-পূব সীমান্ত (এন এফ) ৰে’লৱেই ডিমাপুৰৰ পৰা নাগালেণ্ডৰ ক’হিমালৈ নতুন ব্ৰডগজ ৰে’লপথ নিৰ্মাণ কৰি আছে। প্ৰকল্পটোৰ কাম পূৰ্ণগতিত চলি আছে আৰু ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত সাজু হ’ব বুলি আশা কৰা হৈছে। নতুন ৰে’লৱে লাইনে নাগালেণ্ডৰ ৰাজধানী চহৰ ক’হিমাক দেশৰ ব্ৰডগজ ৰে’লৱেৰ মানচিত্ৰত স্থান দিব। ডিমাপুৰৰ পৰা ক’হিমা (জুবজা)লৈ ৮২.৫০ কিলোমিটাৰ দৈৰ্ঘ্যৰ নতুন ৰে’ল লাইন প্ৰকল্প এন এফ ৰে’লৱেই ৬,৬৪৮ কোটি টকা ব্যয়েৰে সম্পূৰ্ণ কৰিব পাৰিব আশা কৰা হৈছে। প্ৰকল্পটোত ৮টা নতুন ষ্টেচন, ২২ খন ডাঙৰ দলং, ১৬৫ খন সৰু দলং, ৩৫ খন অভাৰ ব্ৰীজ আৰু আণ্ডাৰ ব্ৰীজ আৰু ৩১ কিলোমিটাৰ সুৰংগৰ কাম কৰা হৈছে। ডিমাপুৰৰ পৰা তিজিতলৈ আন এক ২৫৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ নতুন ৰে’ল লাইন প্ৰকল্পৰ বাবে ৪২৭৪ কোটি টকাও অনুমোদন কৰা হৈছে। ফৰকাটিং-বাঘটি উপত্যকাৰ মাজত (নাগালেণ্ডত ২৪.১০ কিলোমিটাৰ আৰু অসমত ২৩.৩০ কিলোমিটাৰ) ৪৭.৪০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এক নতুন লাইনৰ বাবেও জৰীপ সম্পূৰ্ণ হৈছে। এই নতুন ৰে’ল সংযোগে সামগ্ৰী পৰিবহণ সহজ কৰি তুলিব আৰু নাগালেণ্ডৰ অৰ্থনীতি বৃদ্ধিত বহু পৰিমাণে সহায় কৰিব বুলি আশা কৰা হৈছে।