কিশোৰৰ ৰং তুলিকাৰে মুখৰিত চিত্ৰলেখাৰ নগৰী তেজপুৰ
সংকল্প অসমৰ চিত্ৰাংকন প্ৰতিযোগিতাত ডেৰশতাধিক প্ৰতিযোগীৰ অংশগ্ৰহণ
শতাব্দ প্ৰতিনিধি তেজপুৰ , ১৬ অক্টোবৰ : সংকল্প অসম শোণিতপুৰ জিলা সমিতি আৰু তেজপুৰ সমষ্টি সমিতিৰ উদ্যোগত জিলা সংগ্ৰহালয়ত, তেজপুৰ প্ৰাংগনত অনুষ্ঠিত কৰা চিত্ৰাংকন প্ৰতিযোগিতাখনি সুকলমে সম্পন্ন
হৈ যায় । তলা বন্ধৰ সময় চোৱাৰ পিছত ডেৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰা এই চিত্ৰাংকন প্ৰতিযোগিতা খনিত বিচাৰক হিচাপে উপস্থিত থাকে ৰাষ্ট্ৰীয় বঁটা প্ৰাপক চিত্ৰশিল্পী ৰাতুমনি দাস, আৰু চিত্ৰ শিল্পী নৱনীতা শৰ্মা।। লগতে সংকল্প অসম পৰিকল্পনা সমিতিৰ সচিৱ হেমন্তকিশোৰ পাঠক,কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা ভূৱন, গোস্বামী,সভাপতি হিমাংশু ডেকা, সম্পাদক জয় বৰা, সহ-সম্পাদক ধ্ৰুৱজ্যোতি বৰুৱা, সাংগঠনিক সম্পাদক পবিত্ৰ বৰা, শোণিতপুৰ জিলা সমিতিৰ আহ্বায়কদ্বয় ক্ৰমে বিকাশ দাস, নিপামণি দাস , তেজপুৰ সমষ্টি সমিতিৰ সভাপতি প্ৰিয়াংশু দাস, উপ-সভানেত্ৰী ৰিমঝিম দাস, সহ-সম্পাদক কৃষ্ণ কমল সূত, বিত্ত সম্পাদক দেৱজিৎ কলিতা, কাৰ্যনিৰ্বাহ সদস্য সুমিত পাল আৰু অনুষ্ঠানৰ আন আন সদস্য সকল জিলা সংগ্ৰাহালয়, তেজপুৰৰ বিষয়া অভিলাষ ৰাজখোৱাই ও অংশগ্ৰহণ তথা সম্পূৰ্ণ সহযোগ আগবঢ়োৱা এই অনুষ্ঠানটিত ছাত্ৰ-ছাত্ৰী সকলক অভূতপূৰ্ব সহাঁৰি দেখি আপ্লুত হৈ পৰে আৰু ই চিত্ৰকলা তথা সাংস্কৃতিক নগৰী তেজপুৰত বাবে এক সুন্দৰ নিদৰ্শন বুলি তেওঁ তেওঁৰ ভাষণত উল্লেখ কৰাৰ লগতে তেজপুৰ বাসীয়ে জিলা সংগ্ৰাহালয় স্থিত সকলো পুৰণি সা -সামগ্ৰী প্ৰত্যক্ষ কৰাৰ বাবে তেওঁ নিজেই বহু আনন্দ অনুভৱ কৰে।