শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৮ জানুৱাৰীঃ কুকুৰ ভালপোৱা সকলৰ বাবে সুখবৰ। উত্তৰ লখিমপুৰ নগৰত আজি নতুনকৈ মুকলি হল কুকুৰৰ বাবে এখন ক্লিনিক-দোকান। এই দোকানত কুকুৰৰ সকলোধৰণৰ খাদ্য সামগ্ৰী, ঔষধ, সাজ সজ্জা তথা বন্ধনৰ সামগ্ৰী উপলব্ধ হ’ব। তদুপৰি অভিজ্ঞ পশু চিকিৎসকৰ দ্বাৰা কুকুৰৰ যতন, চিকিৎসা আৰু টীকাকৰণ কৰা হ’ব। উত্তৰ লখিমপুৰৰ পৰ্যটন উদ্যোগী প্ৰয়াত দেৱজিৎ গগৈৰ স্মৃতিত পৰিয়ালে “দ্যা পেটচ হাউচ” নামৰ কুকুৰৰ বাবে অত্যাধুনিক ক্লিনিকখন প্ৰতিষ্ঠা কৰিছে। উত্তৰ লখিমপুৰৰ গাৰ্লচ হাইস্কুল ৰোডত আজি সন্ধিয়া ক্লিনিকখন মুকলি কৰে লখিমপুৰৰ বিধায়ক মানৱ ডেকাই। অনুষ্ঠানত নগৰৰ বহু সংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থকাৰ লগতে নগৰখনৰ কুকুৰ পোহা তথা ভালপোৱা লোকসকলৰ বাবে এটা বহুদিনীয়া অভাৱ আজি পূৰ্ণ হল বুলি বিভিন্নজনে মন্তব্য কৰে।
পূৰ্বৱৰ্তী লেখা