কেইবাবছৰলৈকে চলিব পাৰে ইউক্রেইন যুদ্ধ !

সতর্ক কৰিলে নাটো প্রধানে

0 16

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২০ জুন : ইতিমধ্যেই ইউক্রেইনত ৰাছিয়াৰ আক্ৰমণ আৰম্ভ হোৱা চাৰি মাহ হ’বলৈ আগবাঢ়িছে। কিন্তু এই যুদ্ধ এতিয়াই বন্ধ হোৱাৰ কোনো লক্ষণ নাই; বৰং এই যুদ্ধ আৰু কেইবাবছৰ ধৰি চলিব পাৰে বুলি সতর্ক কৰিছে পশ্চিমীয়া সামৰিক জোট নাটো প্রধান ষ্টলটেনবার্গে। সেয়ে এই সময়-পর্বত ইউক্রেইনক সাহায্য দি যাবলৈ পশ্চিমীয়া দেশবোৰ প্রস্তুত থাকিব লাগিব বুলি মন্তব্য কৰিছে তেওঁ। ১৯ জুনত এক সাক্ষাৎকাৰত নাটোৰ প্রধানজনে কয় যে, যুদ্ধ কেইবাবছৰ ধৰি চলিব, এই সত্য মানি লোৱাৰ বাবে আমি প্রস্তুত থাকিব লাগিব। অৱশ্যেই ইউক্রেইনৰ প্রতি আমাৰ সমর্থন অব্যাহত থাকিব। উল্লেখ্য যে, ইউক্রেইন যুদ্ধৰ আৰম্ভণিৰে পৰা দেশখনক অস্ত্র যোগান ধৰি আহিছে যুক্তৰাষ্ট্র আৰু অন্যান্য দেশবোৰে। কিয়েভে স্বীকাৰো কৰিছে যে, ৰাছিয়াৰ আক্রমণৰ মোকাবিলা কৰিবলৈ যি অস্ত্রৰ প্রয়োজন, তাৰ কিছুমান পশ্চিমীয়া বন্ধুসকলৰ পৰা পাইছে তেওঁলোকে। অস্ত্র-সাহায্য বঢ়াবলে কিছুদিন ধৰি সৰৱ হৈ আছে ইউক্রেইনৰ কর্মকর্তাসকল। অস্ত্র আৰু গোলাবাৰুদৰ সৰবৰাহ বঢ়াবলৈ বেলজিয়ামৰ ৰাজধানী ব্রাচেলছত সেই দেশৰ প্রতিৰক্ষামন্ত্রীয়ে প্রায় ৫০খন দেশৰ নেতাসকলৰ লগত আলোচনাতো বহিছে।

মন্তব্য দিয়ক

Your email address will not be published.