শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ জুলাইঃ ক’ত আছে ‘আচ্ছে দিন’? যোৱা ৮ বছৰত ভাৰতীয় টকাৰ মূল্য ২৫ শতাংশ হ্ৰাস পাইছে। ২০১৪ চনত ভাৰতীয় মুদ্ৰাত (ভাৰতীয় টকা) এক ডলাৰৰ মূল্য যিমান আছিল ২০২২ চনত কমেও ১৬ টকা ৮ পইচা বৃদ্ধি পাইছে। এয়া আমি নিজে সাজি কোৱা কথা নহয়। এয়া হৈছে বৰ্ষাকালীন অধিৱেশনৰ আৰম্ভণিতে লোকসভাত এক লিখিত প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা তথ্য। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এক প্ৰতিবেদনত কোৱা হৈছে যে, ২০১৪ চনৰ ৩১ ডিচেম্বৰত এক ডলাৰৰ (ডলাৰ) মূল্য আছিল ৬৩ টকা ৩৩ পইচা। ২০১৮ চনৰ ৩১ ডিচেম্বৰত এই মূল্য বৃদ্ধি পাই ৬৯ টকা ৭৯ পইচা হয়। ২০১৯ চনৰ শেষৰ দিনটোত ডলাৰৰ হিচাপত ভাৰতীয় মুদ্ৰাৰ মূল্য ৭০ৰ সীমা অতিক্ৰম কৰিছিল। কৰ’ণা কালৰ পিছত এই বিনিময় হাৰ আছিল প্ৰায় সত্তৰ টকা। কিন্তু ভাৰতীয় মুদ্ৰাৰ বজাৰত কেইবামাহ ধৰি মন্দাৱস্থা হৈ আছে। ক্ৰমান্বয়ে হ্ৰাস পাইছে ভাৰতীয় মুদ্ৰাৰ মূল্য। চলিত বৰ্ষৰ ১১ জুলাইত এক ডলাৰৰ মূল্য আশী টকা চোওঁ চোওঁকৈ ৭৯ টকা ৪১ পইচালৈ বৃদ্ধি পাইছে। লোকসভাৰ দুজন সদস্য দীপক বয়জ আৰু বিজয় বচনাথৰ লিখিত প্ৰশ্নৰ উত্তৰত কেন্দ্ৰই জনোৱা মতে, ২০২২ চনৰ ৩০ জুনত ভাৰতীয় মুদ্ৰা আৰু ডলাৰৰ বিনিময় হাৰ আছিল ৭৮ টকা ৯৪ পইচা। স্বাভাৱিকতে এই তথ্য চৰ্চালৈ অহাৰ পিছতে বিৰোধীয়ে একত্ৰিত হৈ মোদী চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে। কিন্তু কেন্দ্ৰই দাবী কৰিছে যে, আন্তঃৰাষ্ট্ৰীয় বজাৰে ভাৰতীয় মুদ্ৰাৰ মূল্যত প্ৰভাৱ পেলাইছে। এক সূত্ৰই জনোৱা মতে, ভাৰতীয় শ্বেয়াৰ বজাৰ জুৰুলা হৈ পৰিছে। বিনিয়োগকাৰী বিনিয়োগ কৰিবলৈ আত্মবিশ্বাসী নহয়। আকৌ, ফেডাৰেল বেংক অৱ আমেৰিকাই সুতৰ হাৰ বৃদ্ধি কৰাৰ বাবে বিদেশী বিনিয়োগকাৰীয়েও ভাৰতীয় শ্বেয়াৰ বজাৰৰ পৰা অহৰহ ধন উলিয়াই আনিছে। যাৰ প্ৰত্যক্ষ প্ৰভাৱ ভাৰতীয় মুদ্ৰাৰ বজাৰত পৰিছে। টকাৰ মূল্য হ্ৰাসৰ আঁৰত একাধিক কাৰণ আছে বুলি কেন্দ্ৰই দাবী কৰিছে। সেইবোৰ হৈছে— দুৰ্বল ঘৰুৱা বজাৰ, বৃদ্ধি পোৱা খাৰুৱা তেলৰ মূল্য, ডলাৰৰ মুদ্ৰাস্ফীতি আৰু বিদেশী মূলধন হ্ৰাস।