ৰাষ্ট্রদ্রোহ আইন স্থগিত ঐতিহাসিক নির্দেশ ছুপ্রিম ক’ৰ্টৰ

0 61

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১১ মে’ : ছুপ্রিম ক’ৰ্টত পুনৰ মুখ থেকেচা খালে কেন্দ্র চৰকাৰে। আপাতত স্থগিত হৈ পৰিল ৰাষ্ট্রদ্রোহ আইনৰ প্রয়োগ। প্রধান বিচাৰপতিৰ ডিভিজন বেঞ্চে জনাই দিয়ে, কেন্দ্রীয় চৰকাৰে যেতিয়ালৈকে ব্রিটিছ আমোলত তৈয়াৰী আইনৰ পুনর্বিবেচনা কৰিব, তেতিয়ালৈকে এই আইন প্রয়োগ স্থগিত থাকিব। শীর্ষ আদালতে স্পষ্টকৈ জনাই দিছে— এই আইনত আৰু কোনো গ্রেপ্তাৰ নহ’ব। ইতিমধ্যেই এই আইন প্রয়োগ কৰি যিসমূহ গোচৰ চলোৱা হৈছিল, সেয়াও স্থগিত হৈ যাব। এই আইনৰ আধাৰত বন্দী জীৱন কটোৱাসকলে জামিনৰ আবেদন কৰিব পাৰিব।

মন্তব্য দিয়ক

Your email address will not be published.