কেৰলাত আচৰিত কাণ্ড!

মাছমৰীয়াৰ জালত উঠিল ২৮ কোটি টকাৰ তিমি বমি

0 14
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ জুলাই : কেৰলাৰ মাছমৰীয়াৰ এটা দলে ভিজিনজামৰ পৰা তিমিৰ বমি উদ্ধাৰ কৰে। যি বমিৰ মূল্য জানিলে আপুনি হ’ব আচৰিত। জানিব পৰা মতে এই দলটোৱে স্থানীয় প্ৰশাসনক ২৮ কোটি টকাৰ বমি গতাই দিয়ে। এই ঘটনা ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। মাছমৰীয়াসকলৰ কাম-কাজৰ শলাগ লোৱা হৈছে। ২২ জুলাইৰ সন্ধিয়া সংঘটিত হয় এই ঘটনা। সাগৰত মাছ ধৰিবলৈ গৈছিল কেৰলাৰ মাছমৰীয়াৰ এটা দল। সেই সময়ত তেওঁলোকে ২৮.৪০০ কিলোগ্ৰাম এম্বাৰগ্ৰিছ বা তিমিৰ বমি দেখা পাইছিল। যাৰ আনুমানিক মূল্য ২৮ কোটি টকা। ইয়াৰ পিছতে মাছমৰীয়া কেইজনে পাৰলৈ আহি বমিখিনি উপকূলীয় আৰক্ষীক গতাই দিয়ে। উপকূলীয় আৰক্ষীয়ে সংবাদ সংস্থা পিটিআইক নিশ্চিত কৰিছে যে মাছমৰীয়াসকলে এম্বেৰগ্ৰিছ বা তিমিৰ বমি আৰক্ষীক গতাই দিছে। বিষয়টো বন বিভাগক অৱগত কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে। পিছত বন বিভাগে কেৰেলাৰ ৰাজীৱ গান্ধী চেণ্টাৰ ফৰ বায়’টেকন’লজীলৈ নি এয়া তিমিৰ বমি বা এম্বাৰগ্ৰিছ হয়নে নহয় সেয়া নিশ্চিত কৰে। এম্বেৰগ্ৰিছ প্ৰধানকৈ সুগন্ধি তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়। আন্তঃৰাষ্ট্ৰীয় বজাৰত যাৰ এক কিলোগ্ৰামৰ দাম প্ৰায় ১ কোটি টকা। যদিও ভাৰতত তিমিৰ বমি বা এম্বেৰগ্ৰিছ বিক্ৰী নিষিদ্ধ। কাৰণ এই বমি এবিধ বিশেষ তিমিৰ পৰা আহে, যিবিধ এটা বিলুপ্তপ্ৰায় প্ৰজাতিৰ। এইটো প্ৰজাতি বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত সুৰক্ষিত।
* এম্বাৰগ্ৰিছ বা তিমিৰ বমি কি?
এম্বেৰগ্ৰিছক প্ৰায়ে বিশ্বৰ অন্যতম অদ্ভুত প্ৰাকৃতিক পৰিঘটনা হিচাপে গণ্য কৰা হয়। ই স্পাৰ্ম তিমি নামৰ এবিধ তিমিৰ দ্বাৰা উৎপন্ন হয়। এই প্ৰজাতিৰ তিমিয়ে বৃহৎ পৰিমাণৰ চেফালোপড যেনে স্কুইড আৰু কাটলফিছ খায়। বেছিভাগ ক্ষেত্ৰতে হজম হোৱাৰ আগতেই ভুক্তভোগীৰ অহজম পদাৰ্থ বমি হয়। এম্বেৰগ্ৰিছ হৈছে স্পাৰ্ম তিমিৰ অন্ত্ৰৰ পৰা আহৰণ কৰা কঠিন মমৰ দৰে পদাৰ্থ। পূৰ্বে ইয়াক ঔষধৰ উপাদান হিচাপে ব্যৱহাৰ কৰা হৈছিল। তদুপৰি ইয়াৰ পৰা সুগন্ধি তৈয়াৰ কৰা হয়। কিন্তু তিমিৰ পৰা কেনেকৈ এম্বেৰগ্ৰিছৰ উৎপত্তি হয় সেই সম্পৰ্কে পৰস্পৰ বিৰোধী মতামত আছে। কিছুমানৰ মতে তিমিৰ ওজন বেছি হ’লে ইয়াক তিমি বমি বোলা হয়। দাঁতযুক্ত তিমিৰ ভিতৰত স্পাৰ্ম তিমি আটাইতকৈ ডাঙৰ আৰু ই দাঁতযুক্ত চিকাৰী।
মন্তব্য দিয়ক

Your email address will not be published.