কোন দেশৰ পাছপ’ৰ্ট আটাইতকৈ ‘শক্তিশালী’?

ভাৰত কোন স্থানত জানো আহক

0 32
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২১ জুলাই : এইবাৰৰ হেনলি পাছপ’ৰ্ট ইনডেক্সৰ সমীক্ষাৰ প্ৰতিবেদন প্ৰকাশ পাইছে। এই প্ৰতিবেদন তৈয়াৰ কৰিবলৈ এখন দেশৰ পাছপ’ৰ্টৰ শক্তি অধ্যয়ন কৰা হয়। এখন দেশৰ পাছপ’ৰ্টে নিষেধাজ্ঞা বা ভিছা অবিহনে কিমান দেশত প্ৰৱেশ কৰিব পাৰে তাৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতিবেদন প্ৰস্তুত কৰা হয়। এই প্ৰতিবেদন অতি গুৰুত্বপূৰ্ণ। কাৰণ বিশেষজ্ঞসকলে কয়, কভিড সংক্ৰমণৰ সৈতে মোকাবিলা কৰাৰ সময়ত বিশ্বৰ বহু দেশত অৰ্থনৈতিক আৰু ৰাজনৈতিক পৰিৱৰ্তন হৈছে। এইবাৰৰ সমীক্ষাত তাৰ প্ৰভাৱ পৰিছে। এইবাৰ এই তালিকাত ইউৰোপীয় দেশসমূহৰ আধিপত্য অলপ হ্ৰাস পাইছে। বৰঞ্চ এছিয়াৰ কেইবাখনো দেশৰ গুৰুত্ব বহুত বেছিকৈ বৃদ্ধি পাইছে। এছিয়াৰ এখন দেশ এই তালিকাত এক নম্বৰ স্থানত আছে। সেই দেশখন হৈছে জাপান। কেৱল এয়াই নহয়, এই তালিকাত এছিয়াৰেই দুখন দেশ যৌথভাৱে দ্বিতীয় স্থানত আছে— ছিংগাপুৰ আৰু দক্ষিণ কোৰিয়া। জাপানী পাছপ’ৰ্টধাৰীসকলে বিনা বাধা-নিষেধ বা ভিছাৰে ১৯৩খন দেশত প্ৰৱেশ কৰিব পাৰে। পৰৱৰ্তী দুখন দেশৰ ক্ষেত্ৰত এই সংখ্যা হ’ল ১৯২ খন। এই তালিকাত ৰাছিয়া যথেষ্ট পৰিমাণে তললৈ নামিছে। এই দেশৰ নাগৰিকক এই দেশৰ পাছপ’ৰ্ট লৈ ১১৯ খন দেশত প্ৰৱেশৰ অনুমতি দিয়া হ’ব। এই তালিকাত ৫০ নম্বৰ স্থানত আছে ৰাছিয়া। ৬৯ নম্বৰত আছে চীন। চীনা পাছপ’ৰ্ট লৈ ভিছা অবিহনে ৮০ খন দেশত প্ৰৱেশ কৰিব পাৰিব। ২০১৭ চনলৈকে এছিয়াৰ প্ৰায় কোনো দেশেই ১০এৰ শীৰ্ষত থকাৰ সুযোগ নাছিল। কিন্তু সেই পৰিস্থিতি সলনি হৈছে। এই সমীক্ষাৰ পৰা স্পষ্ট হৈ পৰিছে যে পৰিস্থিতি বহু সলনি হৈছে, বিশেষকৈ ক’ভিড-উত্তৰ যুগত। এই তালিকাত আমেৰিকা ৭ নম্বৰত আছে। এই দেশৰ পাছপ’ৰ্ট থাকিলে ১৮৬ খন দেশত ভিছা অবিহনে প্ৰৱেশ কৰিব পাৰিব। পাছপ’ৰ্ট শক্তিশালীকৰণৰ ক্ষেত্ৰত এছিয়াৰ দেশসমূহৰ এই উন্নতিৰ ক্ষেত্ৰত ভাৰতৰ স্থান কি জানেনে? এই তালিকাত ভাৰত বেছি ওপৰলৈ উঠিব পৰা নাই। দেশখন ৮৭ নম্বৰ স্থানত আছে। ভাৰতীয় পাছপ’ৰ্ট থাকিলে ৬০খন দেশ বিনা ভিছাৰে ফুৰিব পাৰি। তালিকাখনৰ একেবাৰে শেষৰটো নাম হ’ল আফগানিস্তান। এই দেশৰ পাছপ’ৰ্ট থাকিলে ভিছা অবিহনে মুঠ ২৭খন দেশ ভ্ৰমণ কৰিব পাৰিব।
মন্তব্য দিয়ক

Your email address will not be published.