কৌতুহল ! অন্য গেলাক্সিৰ পৰা আহিছে ৰেডিঅ’ ছিগনেল !

0 42

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ জুন : পৃথিৱীৰ বাহিৰেও প্রাণ আছে নেকি? এই লৈ নানা প্রশ্ন, নানা কৌতূহল, নানা ব্যাখ্যা। শেহতীয়াকৈ পৃথিৱীলৈ অহা এক ৰেডিঅ’ ছিগনেলে এই বিষয়টোক অধিক ৰহস্যময় কৰি তুলিছে। চীনৰ এটা মেচিভ ৰেডিঅ’ টেলিস্কোপত এই তৰঙ্গৰ অস্তিত্ব ধৰা পৰিছে। ৫০০ মিটাৰ এপাৰচাৰ এই টেলিস্কোপটো। কিন্তু এই তৰঙ্গ যে নিৰন্তৰ আহি আছে তেনে নহয়। চকুৰ পলক পৰিবলৈ যি সময় লাগে, তাতকৈয়ো কম সময় ধৰি সেয়া বিৰাজ কৰে। তথাপি এই উৎস ধৰিয়েই বিজ্ঞানীসকলে সন্ধান কৰিছে, কিদৰে এই তৰঙ্গক আবদ্ধ কৰা যায়, ট্রেক কৰা যায়, আৰু তাৰ পথ ধৰি উপনীত হ’ব পৰা যায় সেই অজানা দেশত, ঠিক য’ৰ পৰা এইটো উত্থিত হৈছে। এক অনুমান আপাতত কৰিছে বিজ্ঞানীসকলে। তেওঁলোকে কৈছে যে, হয় কোনো বৃহৎ তৰাই তাৰ চৌপাশৰ তৰাবোৰক গিলি নিছে আৰু তেতিয়াই এই তৰঙ্গ বাহিৰ হৈছে। নতুবা এয়া কোনো চুপাৰনভাৰ খেলা। বা কোনো নিউট্রন নক্ষত্রৰ বিষয়। এই তৰঙ্গৰ এটা পোছাকী নাম আছে— ফাষ্ট ৰেডিঅ’ বাৰ্ষ্টছ বা এফআৰবিজ।

মন্তব্য দিয়ক

Your email address will not be published.