ক্ৰাইম ব্ৰাঞ্চৰ নাম লৈ ধন দাবী কৰা প্ৰৱঞ্চক চি আই ডিৰ জালত

0 19

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৪ জুনঃ অসম আৰক্ষীৰ চি আই ডিয়ে ধন দাবীৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে উপেন্দ্ৰ পাণ্ডে নামৰ এজন প্ৰৱঞ্চকক। লোকজন উত্তৰ প্ৰদেশৰ বুলি জানিব পৰা গৈছে। চি আই ডিয়ে জানিব দিয়া মতে মূলতঃ উত্তৰ প্ৰদেশৰ বাসিন্দা যদিও বৰ্তমান গুৱাহাটীৰ বেলতলাত থকা পাণ্ডেই নিজকে ক্ৰাইম ব্ৰাঞ্চৰ পৰিদৰ্শক বুলি চিনাকি দি চি আই ডিৰ বিভিন্ন গোচৰৰ সন্দেহযুক্ত বা অভিযুক্তৰ পৰা ধন দাবী কৰি আহিছিল। তেওঁ ধন দাবী কৰা লোকসকলক দোষমুক্ত কৰাৰ প্ৰতিশ্ৰুতি দি এই কৰ্মকাণ্ড সংঘটিত কৰি আহিছিল। এনে তথ্য লাভ কৰাৰ লগে লগে চি আই ডিয়ে গোচৰ ৰুজু কৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰে। তেওঁক আদালতত হাজিৰ কৰি পৰৱৰ্তী জেৰাৰ বাবে ন্যায়িক জিম্মাত লোৱা হৈছে। তেওঁৰ বাসগৃহত তালাচী চলোৱা হৈছে। চি আই ডিয়ে সাধাৰণ জনতাক এনে ব্যক্তিৰ পৰা আঁতৰি থকাৰ আহ্বান জনোৱাৰ লগতে এনে কাৰ্যকলাপৰ সন্মুখীন হ’লে তৎক্ষণাত চি আই ডিক ০৩৬১-২৫২৯১৫৭ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায়।

মন্তব্য দিয়ক

Your email address will not be published.