শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ আগষ্ট : ক’ৰনা ভাইৰাছ আৰু মাংকীপক্সৰ মাজত এক নতুন ভাবুকি হিচাপে আত্মপ্ৰকাশ কৰিছে টমেটো ফ্লু। ‘দ্য লেন্সেট ৰেস্পিৰেটৰী জাৰ্নেল’ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ভাৰতত এই পৰ্যন্ত প্ৰায় ৮২ জন লোক এই ৰোগত আক্ৰান্ত হৈছে। এই ক্ৰমবৰ্ধমান উদ্বেগৰ মাজতে এইবাৰ কেন্দ্ৰই দেশৰ সকলো ৰাজ্যলৈ গাইডলাইন প্ৰেৰণ কৰিছে। টমেটো ফ্লুৰ বিষয়ে সকলো ৰাজ্যকে সতৰ্ক কৰি দিছে কেন্দ্ৰই। কেন্দ্রই প্রেৰণ কৰা এই গাইডলাইনত কিছু প্রতিৰোধমূলক ব্যৱস্থাৰ কথা উল্লেখ কৰা হৈছে৷ গাইডলাইনত কোৱা হৈছে— আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শৰ পৰা বিৰত থাকক। টমেটো ফ্লুৰ লক্ষণ আৰু পাৰ্শ্বক্ৰিয়াৰ বিষয়ে আপোনাৰ শিশুসকলক জ্ঞান দিয়ক। জ্বৰ আৰু ফোঁহা থকা শিশুক সাৱটি ধৰাৰ পৰা বিৰত থাকক। যদি কোনো লক্ষণ দেখা দিয়ে তেন্তে শিশুটিক আন শিশুৰ পৰা তৎক্ষণাত পৃথক কৰক। এনেধৰণৰ কেইবাটাও সাৱধানতা অৱলম্বন কৰিছে কেন্দ্ৰই। প্ৰসংগক্ৰমে উল্লেখ্য যে প্ৰধানকৈ ১-১০ বছৰ বয়সৰ শিশু এই ৰোগত আক্ৰান্ত হোৱাৰ প্ৰৱণতা দেখা যায়। লেন্সেট জাৰ্নেলৰ মতে, যোৱা ৬ মে’ত কেৰালাৰ কোলামত ৫ বছৰৰ তলৰ শিশুৰ মাজত প্ৰথমবাৰৰ বাবে এই ভাইৰাছ ধৰা পৰিছিল। তেতিয়াৰ পৰা ক্ৰমান্বয়ে বৃদ্ধি পাইছে এই ৰোগত আক্ৰান্ত লোকৰ সংখ্যা। টমেটো ফ্লু হৈছে এবিধ বিৰল ভাইৰাছৰ ফলত হোৱা ৰোগ। এই ৰোগত আক্ৰান্ত হ’লে শৰীৰত ৰঙা ফোঁহা ওলায়, জ্বৰ হয়, ছালৰ বিষ হয়। পানীলগাও এই ৰোগৰ এটা লক্ষণ। এই ৰোগৰ বাবে এতিয়ালৈকে কোনো নিৰ্দিষ্ট ঔষধ নাই। যদি কোনোবা এই ৰোগত আক্ৰান্ত হয়, তেন্তে সেই শিশুটিক পৃথক কৰি ৰাখিব লাগে। কাৰণ ই এক অতি সংক্ৰামক ৰোগ। চিকিৎসকসকলে আক্ৰান্তসকলক ৫ৰ পৰা ৭ দিনলৈ কোৱাৰেণ্টাইনত থাকিবলৈ পৰামৰ্শ দিছে।