কৰিমগঞ্জত বি এছ এফে আটক কৰিলে ২১ গৰাকী বাংলাদেশীক

0 11
শতাব্দ প্ৰতিনিধি, কৰিমগঞ্জ, ২৩ জুনঃ বি এছ এফৰ এন্ট্ৰি হিউমেন ট্রেফিকিং ইউনিটে লাভ কৰা খবৰৰ ভিত্তিত আজি বি এছ এফৰ মিজোৰাম কাছাৰ ফ্ৰণ্টিয়াৰৰ এটি দল আৰু বদৰপুৰ আৰক্ষীক লগত লৈ এক অভিযান চলাই বদৰপুৰ চহৰৰ মিৰা হোটেলৰ এণ্ড লজৰ পৰা ২১ গৰাকী বাংলাদেশী লোকক আটক কৰে। তাৰে ৯ গৰাকী পুৰুষ, ৯ গৰাকী মহিলা, আৰু ৩ টি শিশু। উল্লেখ্য যে ১০/১৫ বছৰ পূৰ্বে পশ্চিমবঙ্গৰ উত্তৰ ২৪ পৰগনা জিলাৰ বছিৰহাট সীমান্তৰে ভাৰতত প্ৰৱেশ কৰিছিল। তাৰ  পিছত দলটি মহাৰাষ্ট্ৰৰ মুম্বাইৰ নাভি নামৰ ঠাইত  থাকিবলৈ লয়। তাত থাকি এটি বেচৰকাৰী নিৰ্মাণ  কোম্পানীৰ শ্ৰমিক হিচাপে কৰ্মৰত হয়। দীৰ্ঘ বছৰ ধৰি মুম্বাইত থাকি অৱশেষত ঘৰলৈ উভতি যোৱাৰ বাবে ১৮ জুনত লোকমান্য তিলক এক্সপ্ৰেছেৰে মুম্বাইৰ পৰা গুৱাহাটীলৈ আহে। ২০ জুনৰ তিনি বজাত  গুৱাহাটীত উপস্থিত হৈ সেই দিনা নিশা দুখন টাটা ছুম গাড়ীৰে শিলচৰৰ উদ্দেশ্য যাত্ৰা আৰম্ভ কৰে। বদৰপুৰ ঘাটত অহাৰ পাছত বানপানীৰ বাবে শিলচৰৰ পথ বন্ধ থকাৰ বাবে যাবলৈ নোৱাৰি বদৰপুৰ ৰে’ল ষ্টেচনলৈ আহি ৰে’ল চলাচল বন্ধ বুলি জানিব পাৰে। বদৰপুৰ মিৰা হোটেল ভাৰালৈ লৈ নিশা কটাইছিল। উদ্দেশ্যে আছিল ত্ৰিপুৰা ৰাজ্যৰ আগৰতলা হৈ বাংলাদেশ লৈ ওভতি যোৱাৰ। কিন্তু ৰে’ল যোগাযোগ বন্ধ থকাৰ বাবে যাবলৈ নোৱাৰি হোটেলত থাকে আৰু এই খবৰ বি এছ এফৰ এন্ট্ৰি হিউমেন ট্রেফিকিং ইউনিটে লাভ কৰি আৰক্ষীক লগত লৈ সকলোকে আটক কৰে। এওঁলোকৰ ঘৰ বাংলাদেশৰ খুলনা, আৰু কুমিল্লা জিলাত। বৰ্তমান এই ২১ বাংলাদেশীক বদৰপুৰ থানালৈ আনি সোধপোছ চলাই থকা হৈছে।
মন্তব্য দিয়ক

Your email address will not be published.