শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৮জানুৱাৰীঃ ভাৰতীয় শিশু কল্যাণ পৰিষদ তেজপুৰ শাখাৰ সৌজন্যত আজি তেজপুৰৰ মাজগাঁৱত চিকিৎসাধীন কৰ্কট ৰোগীৰ বাবে এটা “আশাদীপ আশ্ৰয়গৃহ” মুকলি কৰা হয়। তেজপুৰৰ বিশিষ্টা সমাজসেৱিকা ডাঃ লক্ষ্মী গোস্বামীৰ চিন্তাৰ ফচল এই “আশাদীপ আশ্ৰয়গৃহ” । ১৯৮৪ৰ পৰা কৰ্কট ৰোগৰ লগত যুদ্ধ কৰি কৰ্কট ৰোগক পৰাস্ত কৰা তথা কৰ্কট ৰোগী সকলৰ আৰ্থিক অৱস্থা অনুধাৱন কৰা তেজপুৰৰ বিশিষ্টা সমাজসেৱিকা ডাঃ গোস্বামী আজি কৰ্কট ৰোগী সকলৰ বাবে এক মনোবল আৰু আত্ম বিশ্বাসৰ প্ৰতীক। এই গৰাকী বিদূষী মহিলাই তেজপুৰৰ কেইগৰাকীমান হৃদয়বান পুৰুষ আৰু মহিলাৰ সহযোগত ভাৰতীয় শিশু কল্যান পৰিষদৰ তেজপুৰ মাজগাঁৱৰ গৃহতে আৰম্ভ কৰে আশাদীপ আশ্ৰয়গৃহ। দূৰ দূৰনিৰ পৰা কৰ্কট ৰোগৰ চিকিৎসা গ্ৰহণৰ বাবে তেজপুৰ কেঞ্চাৰ চেন্টাৰলৈ অহা ৰোগীৰ চিকিৎসাধীন অৱস্থাত ৰোগী আৰু এগৰাকী আত্মীয় বিনামূলীয়াকৈ থকা মেলাৰ ব্যৱস্থা কৰা আশাদীপ আশ্ৰয়গৃহ আজি আনুষ্ঠানিকভাৱে মুকলি কৰে দীপশিখা ফাউণ্ডেছনৰ প্ৰতিষ্ঠাপক সম্পাদক তথা মৰিগাঁও জিলাৰ উপায়ুক্ত দেৱাশীষ শৰ্মাৰ মাতৃ ৮৪বছৰীয়া লীনা শৰ্মাই।তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা,শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ আৰু অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেছনৰ মুখ্য কাৰ্য্যবাহী বিষয়া এছ সেনে বন্তি প্ৰজ্বলন কৰাৰ পিছতেই ডা° গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী সভাত শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ আৰু মৰিগাঁও জিলাৰ উপায়ুক্ত দেৱাশীষ শৰ্মাই বক্তব্য আগবঢ়ায়। উল্লেখ্যযে আৰম্ভনিতে ১১খন বিছনা চিকিৎসাধীন কেঞ্চাৰ ৰোগীৰ আৰু ১১খন ৰোগী সকলৰ বাবে সুবিধাযুক্ত আশাদীপ আশ্ৰয়গৃহত পৰ্যায়ক্ৰমে বিছনাৰ সংখ্যা বৃদ্ধি পাব বুলি জানিব পৰা গৈছে। আনহাতে আজি ভাৰতীয় শিশু কল্যান পৰিষদৰ এনে জনহিতকৰ কামৰ বাবে ভাৰতীয় শিশু কল্যান পৰিষদলৈ দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ৮৪বছৰীয়া আনন্দ বৰুৱাই দুই লাখ টকাৰ চেক প্ৰদান কৰে।